ভাটি কেঁকুৰিত জিঅ’ বেগৰ খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত চেলা চাৰিকড়িয়া নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৩৬৬.০০ লাখ টকাৰ ব্যয় সাপেক্ষে ভাটি কেঁকুৰিত নিৰ্মাণ কৰা জিঅ’ বেগৰ প্ৰতিৰোধ আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উঠিছে৷
প্ৰাপ্ত তথ্য মতে, বছৰ বছৰ ধৰি সৃষ্টি হৈ থকা চেলা চাৰিকড়িয়া নদীৰ প্ৰবল গৰাখহনীয়াত ভাটি কেঁকুৰিৰ ১১টাকৈ পৰিয়ালৰ মাটি ঘৰ ভেটি উচন হোৱাৰ পিছত ২০১৯-২০ বিত্তীয় বৰ্ষৰ এছঅ’পিডি – এফডিআৰ আচঁনিৰ আবণ্টিত পুঁজিৰে ভাটি কেঁকুৰি আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত চাৰিকড়িয়া নদীৰ দ্বাৰা হোৱা খহনীয়া প্ৰতিৰোধৰ আঁচনিখন ৰূপায়ণ কৰা হয় আৰু যোৱা ১১ ডিচেম্বৰত ঢকুৱাখনাৰ বিধায়ক তথা অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেই আঁচনিৰ কাম শুভাৰম্ভ কৰে ৷
কিন্তু উক্ত কামত নিয়োজিত ঠিকাদাৰগৰাকীয়ে অধিক মুনাফা লুটাৰ চেষ্টা কৰি নদীৰ পানী যুৱলীত থকা কাঠৰ টুকুৰা, গছৰ ডাল আদিৰ ওপৰতে জিঅ’ বেগ জাপি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰাত ক্ষোভিত হৈছে নৈপৰীয়া ৰাইজ ৷ এইক্ষেত্ৰত আঁচনি ৰূপায়ণত নিয়োজিত ডিব্ৰুগড় কলাখোৱাৰ প্ৰফুল্ল লাহন নামৰ মহৰীগৰাকীয়ে নদীৰ পানীত থকা গছৰ মুঢ়াসমূহ উঠাবলৈ অসুবিধা আৰু পৰৱৰ্তী সময়ত গছৰ ডালসমূহ কাটি পেলোৱা হ’ব বুলি জানিবলৈ দিয়ে যদিও আশ্বস্ত হ’ব পৰা নাই নৈপৰীয়া জনসাধাৰণ ৷
এইক্ষেত্ৰত সময় থাকোঁতেই নদীৰ পাৰৰ বাঁহ কাঠৰ মুঢ়া আৰু ডাল-পাত চাফা কৰি কোটিটকীয়া আঁচনিখনৰ সফল ৰূপায়ণৰ দাবী তুলি ইয়াৰ এক ন্যায়িক তদন্তৰো দাবী জনাইছে নৈপৰীয়া ৰাইজৰ লগতে সচেতন মহলে ৷