নিয়মীয়া বাৰ্তা ৯ জানুৱাৰীঃ ‘মই শাসকীয় বিজেপি দলৰ একক সংখ্যাগৰিষ্ঠতাৰ বিপৰীতে দ্বিতীয় সংখ্যাগৰিষ্ঠ দল কংগ্রেছৰ পৰা অসম বিধানসভাত বিৰোধী দলৰ দলপতি হিচাপে মনোনীত হৈছিলোঁ৷ বিধানসভাত আইনৰ ভিত্তিত এজন বিৰোধী দলৰ দলপতি নির্বাচনৰ বাবে কেৱল দ্বিতীয় সংখ্যাগৰিষ্ঠ দলৰহে বিচাৰ কৰা হয় কোনো ১ঃ৬ৰ অনুপাত ৰক্ষা কৰাৰ কথা উল্লেখ কৰা হোৱা নাই৷ তেনে অৱস্থাত অন্যায়ভাৱে ১ঃ৬ অনুপাতৰ কথা কোৱা হৈছে আৰু বিধানসভাৰ যি নিৰপেক্ষতা ৰক্ষা আৰু চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ পৰা দূৰত ৰখাৰ যি সংসদীয় বিধিগত প্রক্রিয়া তাক নস্যাৎ কৰা হৈছে’ এই মন্তব্য সদ্য অপসাৰিত অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ৷ আজি সাংবাদিকৰ বার্তালাপত দেৱব্রত শইকীয়াই কয় যে দিল্লীত আম আদমী পার্টীৰ শাসিত ৭০ জনীয়া বিধানসভাত বিজেপিৰ সদস্য সংখ্যা মাত্র ৮ জন৷ অর্থাৎ অসমত প্রয়োগ কৰা ১ঃ৬ অনুপাত লাভ কৰিবলৈ বিজেপিক আৰু তিনিজনৰ অধিক বিধানসভাৰ সদস্যৰ প্রয়োজন আছিল৷ সেই ৰাজ্যত বিৰোধী দলপতি হিচাপে বিজেপিৰ ৰামবীৰ সিং বিধুৰী আজিও আসনত উপৱিষ্ট হৈ আছে৷ আজিৰ ২০জনীয়া সদস্যৰে বিৰোধী কংগ্রেছ দলৰ সন্মুুখত প্রত্যাহ্বানৰ নামত চাপ সৃষ্টি কৰিবলৈ অন্যায়ভাৱে নামি পৰা বিজেপি চৰকাৰক প্রত্যাহ্বান জনাই ইতিমধ্যে কংগ্রেছ দলে প্রতিবাদী পত্র বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামীলৈ প্রেৰণ কৰিছে৷ লগতে এই অন্যায় আৰু বৈষম্যৰ বিৰুদ্ধে আদালত গমনৰ সিদ্ধান্তৰ কথা সাংবাদিকক অৱগত কৰে দেৱব্রত শইকীয়াই৷