নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংকেশ্বৰ পাহাৰৰ বেদখল উচ্ছেদ কৰাৰ দাবী

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ  গুৱাহাটী মহানগৰীৰ লংকেশ্বৰ পাহাৰৰ ওপৰত অৱস্থিত ঐতিহাসিক শ্রীশ্রী লংকেশ্বৰ ধামৰ প্রতি শেহতীয়াভাৱে ভাবুকিৰ সৃষ্টি কৰিছে একাংশ বেদখলকাৰীয়ে৷ বিশেষকৈ ধামৰ নামত চৰকাৰে আবণ্টন দিয়া ভূমি আৰু ধামৰ গাতে লগা জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ প্রতিও প্রবল ভাবুকিৰ সৃষ্টি কৰি বেদখলকাৰীসকলে ন ন কৌশল অৱলম্বন কৰি টিনৰ চালি সাজি আৰু পকী খুঁটা পুতি বেদখল চলাই আছে৷ যাৰ বাবে শ্রীশ্রী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটীয়ে ৬ জানুৱাৰীত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তক লংকেশ্বৰ পাহাৰৰ সকলো অবৈধ বেদখল উচ্ছেদ কৰাৰ বাবে লিখিতভাৱে আবেদন জনাইছে৷ কমিটীৰ সভাপতি কামিনীকান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্র কলিতাই উপায়ুক্তক দাখিল কৰা আবেদনত বেদখলকাৰীসকলে কিদৰে লংকেশ্বৰ ধামৰ লগতে ওচৰে–পাঁজৰে থকা শ্রীশ্রী হনুমান মন্দিৰ, শ্রীশ্রী শনি মন্দিৰ, শ্রীশ্রী গণেশ মন্দিৰৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে, তাৰ বিতং বিৱৰণ দাঙি ধৰিছে৷

ইয়াৰ উপৰি ২০১২ চনত বন বিভাগৰ গুৱাহাটী বনাঞ্চলিক বিষয়াৰ কার্যালয় আৰু ধাম পৰিচালনা কমিটীৰ যৌথ উদ্যোগত কামৰূপ মহানগৰ জিলা প্রশাসনে লংকেশ্বৰ পাহাৰৰ পশ্চিম দিশৰ নামনিত আৰু ভাৰত চৰকাৰৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ (বি আৰ অ’) পূব মণ্ডলৰ মুখ্য কার্যালয়ৰ সীমাত থকা সকলো অবৈধ বেদখল উচ্ছেদ কৰিছিল৷ কিন্তু পৰৱর্তী সময়ত পুনৰ বেদখল আৰম্ভ হয় আৰু এতিয়া গোঁজেই গছ হোৱাৰ দিশে গতি কৰিছে৷ যাৰ বাবে ধাম পৰিচালনা কমিটীয়ে ধামৰ পৱিত্রতা আৰু জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান বনজ সম্পদসমূহ ৰক্ষাৰ বৃহত্তৰ স্বার্থত শীঘ্রে বেদখল উচ্ছেদ কৰিবলৈ উপায়ুক্তক দাবী জনাইছে৷ উল্লেখ্য যে বেদখলকাৰীসকলে লংকেশ্বৰ ধাম বা জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ লগতে বি আৰ অ’ আৰু অসম অনাতাঁৰ আৰক্ষী সংগঠনৰ (এ পি আৰ অ’) প্রশিক্ষণ বিদ্যালয়ৰ অস্তিত্বৰ প্রতিও ভাবুকি কঢ়িয়াই আনিছে বুলি স্থানীয় সচেতন ৰাইজে জানিবলৈ দিছে৷

You might also like