নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ এজন পাষাণ হৃদয়ৰ পিতৃৰ জঘন্য ঘটনা। তিনি কন্যাক হত্যা কৰি এটা কুঁৱাত পেলালে মৃতদেহ। এই ঘটনা সংঘটিত হৈছে গুজৰাটৰ জোনাগড় জিলাত। ৭ বছৰীয়া, ৫ আৰু ২বছৰীয়া কন্যাক নৃশংসভাৱে হত্যা কৰি নিজেও আত্মহত্যাৰ পথ বাছি লয় লোকজনে। আৰক্ষীৰ সূত্ৰই দৰিদ্ৰতাৰ বাবেই ৰাসিক দেৱাভাই নামৰ লোকজনে এই ঘটনা সংঘটিত কৰিছে বুলি প্ৰকাশ কৰে। আনহাতে এই ঘটনা সংঘটিত হোৱাৰ সময়ত লোকজনৰ পত্নী ঘৰত নাছিল বুলি জানিব পৰা গৈছে।