নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রীক প্রশ্ণ লাইকা দধিয়াৰ শতায়ু গৰকা প্রতিবাদীৰঃ আমি স্বাধীন ভাৰতৰ নাগৰিক নহয় নেকি?

প্রতিবাদস্থলীলৈ সহমর্মিতা প্রদর্শনৰ বাবে অৰুণাচলৰ পৰা আহিল আদি মিচিং সমাজঃ প্রতিবাদলৈ সমর্থন শিল্পী সমাজ, অসম জাতীয় পৰিষদৰ

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ আমি স্বাধীন ভাৰতৰ নাগৰিক নহয় নেকি? –মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ অশ্রুসিক্ত নয়নেৰে এই প্রশ্ণ শতায়ু গৰকা লাইকা দধিয়াৰ প্রতিবাদী মৌইচন পাৱেৰ৷ আজি তিনিচুকীয়াৰ লেজাই হোলা পথাৰৰ প্রতিবাদস্থলীত ১১১ বছৰীয়া মৌইচন পাৱে এই প্রতিবেদকৰ আগত আৰু সোধে– আমাৰ নাতি–পুতিৰ বাবে সামান্য এডোখৰ মাটিও এৰি থৈ যাব নোৱাৰিম নেকি? আমাৰ অপৰাধ কি? চৰকাৰে আমাৰ দাবী শুনিব নিবিচাৰে নেকি? তিনিচুকীয়াৰ লেজাই হোলাৰ মুকলি পথাৰত পুনৰ সংস্থাপনৰ দাবীত আৰম্ভ হোৱা লাইকা দধিয়াবাসীৰ আন্দোলনে ২০ দিন অতিক্রম কৰিছে৷ ইতিমধ্যে এই আন্দোলনৰ সময়তে ৰোগত আক্রান্ত হৈ দুগৰাকী প্রতিবাদকাৰীয়ে কৰুণ মৃত্যুবৰণ কৰাৰ পাছত তেওঁলোকক শ্বহীদ ঘোষণা কৰিছে প্রতিবাদী সংগঠনসমূহে৷ উল্লেখ্য যে অর্ধশতিকাজোৰা লাইকা দধিয়াৰ পুনৰ সংস্থাপনৰ দাবীত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ ৭খনকৈ বনগাঁৱৰ দুহেজাৰ পৰিয়াল এতিয়া পুনৰ সংস্থাপনৰ দাবীত মৰণপণ দি অস্তিত্বৰ যুঁজত নামি পৰিছে৷ খিলঞ্জীয়া ভূমিপুত্রই এই মৰণপণ লৈ আৰম্ভ কৰা আন্দোলন চৰকাৰে গুৰুত্ব সহকাৰে নোলোৱা বিষয়টোৱে ব্যাপক প্রতিক্রিয়া সৃষ্টি কৰিছে৷ বান–খহনীয়াত বিধ্বস্ত ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ লাইকা দধিয়াবাসীক এইপর্যন্ত ঢুকি পোৱা নাই চৰকাৰৰ কোনো কল্যাণকামী আঁচনিয়ে৷ ইয়াৰ ফলত জীৱন যাপন দুর্বিষহ হৈ পৰা বুলি আজি প্রতিবাদস্থলীতে মন্তব্য কৰিলে ৯০ বছৰীয়া বৃদ্ধ যাদুৰাম মৰাঙে৷ ৯০ৰ ঊর্ধ্বৰ মৰাঙৰ মন্তব্য– স্বাধীন দেশৰ নাগৰিকে পোৱা সকলো সুবিধাৰ পৰা বঞ্চিত হৈ প্রতিদিনে তিল তিলকৈ মৃত্যুৰ সৈতে যুঁজি থকাতকৈ এইবাৰ আমি শেষ যুঁজত নামিছোঁ৷

পুনৰ সংস্থাপন নহ’লে লাইকা দধিয়াত মৃত্যুবৰণ কৰাতকৈ প্রতিবাদস্থলীতে মৃত্যুবৰণ কৰাই শ্রেয় বুলি মন্তব্য কৰিলে প্রতিবাদী বৃদ্ধজনে৷ উল্লেখ্য যে হাড় কঁপোৱা প্রচণ্ড শীত, অর্ধ–উন্মুক্ত তির্পালৰ মুকলি চালি, অনাহাৰ, অনিদ্রাৰ উপৰি ভূতৰ ওপৰত দানহ পৰা দি উদ্ভৱ হোৱা বিভিন্ন ৰোগৰ পাছতো ক্ষান্ত হোৱা নাই লাইকা দধিয়াবাসীৰ প্রতিবাদ৷ প্রায় দুহেজাৰ প্রতিবাদকাৰীৰ মাজত আছে শতায়ু গৰকা বৃদ্ধৰ পৰা কণমানি শিশুলৈ, আনকি বৃদ্ধাৰ পৰা গর্ভৱতী মহিলাও আহিছে বাসস্থানৰ বাবে এটুকুৰা মাটি বিচাৰি৷ আজি প্রতিবাদস্থলীত লগ পোৱা সকলো প্রতিবাদীৰ মনৰ দৃঢ়তা প্রত্যক্ষ কৰিলোঁ সকলোৰে একমত– প্রতিবাদ দীঘলীয়া হ’ব৷ কিন্তু পুনৰ সংস্থাপনৰ দাবী সমাধান নোহোৱালৈ তেওঁলোকে আন্দোলন নেৰে৷ ইতিমধ্যে এনে প্রতিবাদৰ পাছতো ৰাজ্য চৰকাৰে লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীখনে এইপর্যন্ত কোনো সমাধান সূত্র আগবঢ়াব পৰা নাই৷ ফলস্বৰূপে এই প্রতিবাদী সংগ্রাম কিমান দিনলৈ চলিব, তাৰ কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে৷ ইফালে আজি লাইকা দধিয়াবাসীৰ প্রতিবাদৰ প্রতি সহমর্মিতা প্রকাশৰ বাবে অৰুণাচলৰ পৰা আহি প্রতিবাদস্থলীত উপস্থিত হৈছে আদি মিচিং সমাজ৷ আদি মিচিং ছাত্র সন্থাৰ সম্পাদক অ’কাম ইয়চঙেৰ নেতৃত্বত অহা প্রতিনিধি দল এটাই লাইকা দধিয়াবাসীৰ প্রতিবাদস্থলীত উপস্থিত হৈ তেওঁলোকৰ প্রতি পূর্ণ সমর্থন আগবঢ়ায়৷ মানুহৰ জীৱনতকৈ গছ ডাঙৰ হ’ব নোৱাৰে বুলি মন্তব্য কৰি আদি মিচিং ছাত্র সন্থাই লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়৷ ইফালে লাইকা দধিয়াবাসীৰ সংগ্রামৰ প্রতি পূর্ণ সমর্থন আছে বুলি ব্যক্ত কৰি আজি শিল্পী সমাজৰ হৈ প্রতিবাদস্থলীত উপস্থিত হয় গায়ক লোহিত গগৈ৷ অসমৰ মানুহ অসমতে ভগনীয়া হ’ব বুলি ড০ ভূপেন হাজৰিকাই গোৱা গীতৰ কথা উল্লেখ কৰি গগৈয়ে কয় যে অসমৰ খিলঞ্জীয়া ৰাইজক অসম চৰকাৰে সুৰক্ষা দিব লাগিব৷ আনহাতে নৱগঠিত অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে তিনিচুকীয়াৰ লেজাই হোলা পথাৰত উপস্থিত হৈ লাইকা দধিয়াবাসীৰ দাবীৰ প্রতি পূর্ণ সমর্থন জনোৱাৰ লগতে প্রয়োজন সাপেক্ষে নতুন আইন প্রণয়ন কৰি হ’লেও লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায়৷

You might also like