নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ সমাগত বিধানসভা নির্বাচনৰ প্রেক্ষাপটত ৰাজ্যৰ ৰাজনীতিত আত্মপ্রকাশ ঘটা ৰাজনৈতিক দলক পুনৰ চোকা সমালোচনা কৰিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি চৰকাৰী কার্যসূচীৰে যোৰহাটত উপস্থিত হোৱা বিত্তমন্ত্রী ড০ শর্মাই সাংবাদিকৰ প্রশ্ণৰ উত্তৰ দি নৱগঠিত ৰাজনৈতিক দলসমূহক তীক্ষ্ণ কটাক্ষ কৰি কয় যে নতুন দল নহয়, তেওঁলোকে গোটেই ৰাজনীতিক ঠাট্টা–মস্কৰালৈ পর্যবসিত কৰিছে৷ ৰাজনীতি কৰিব লাগে বুথত, ৰাজনীতি কৰিব লাগে বিধানসভাত৷ তেওঁলোকৰ ৰাজনীতি টিভিৰ টক শ্ব’ আৰু প্রেছ ক্লাবতে আবদ্ধ হৈ আছে৷ তেওঁলোকে ২৩ হাজাৰ বুথ কমিটী গঠন কৰিব লাগে৷ কিন্তু কিমান হাজাৰ বুথ কমিটী গঠন হ’ল? একেদৰে বিত্তমন্ত্রী ড০ শর্মাই প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাকো উভতি ধৰে৷ তেওঁ কয় যে ৰিপুণ বৰাৰ স্বাভিমান কেনেকুৱা৷ তেওঁ কেইদিনমান পূর্বে চৰত গৈ কৈছিল যে আমি চৰৰ মানুহক মাটিৰ পট্টা দিম, এন আৰ চিত সকলোৰে নাম উঠাই দিম, আমি অসমীয়াক চার্টিফিকেট দি দিম৷ ৰিপুণ বৰাৰ অসমীয়া কেনেকুৱা– শংকৰদেৱ কলাক্ষেত্রত মিঞা মিউজিয়াম হ’ব, মিঞা কবিতা হ’ব, মিঞা পাব্লিক স্কুল হ’ব৷ সেইটো যদি অস্তিত্বৰ সংজ্ঞা হয়, তেন্তে তাৰ ওপৰত কথা কোৱাৰ কোনো ৰাস্তাই নাই৷ সেইদৰে অখিল গগৈক ‘কা’ আন্দোলনৰ বাবে গ্রেপ্তাৰ কৰা হোৱা নাই বুলিও তেওঁ দোহাৰে৷