নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিশ্বিল্ড ভেকচিনৰ ২০ লাখ ড’জ বিচাৰি মোদীলৈ পত্র ব্রাজিলৰ ৰাষ্ট্রপতিৰ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ লেটিন আমেৰিকান ৰাষ্ট্র ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে ভাৰতৰ পৰা শীঘ্রে ক’ভিড–১৯ প্রতিৰোধী ক’ভিশ্বিল্ড ভেকচিনৰ ২০ লাখ ড’জ বিচাৰি এক অনুৰোধ পত্র প্রেৰণ কৰিছে৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এই অনুৰোধ পত্র লিখিছে ব’লছ’নাৰোৱে৷ বর্তমান ক’ৰোনা ভাইৰাছ মহামাৰীয়ে সংক্রমণৰ দ্রুত সংহাৰ সৃষ্টি কৰিছে ব্রাজিলত৷ পুনেস্থিত দৰব প্রস্তুত কোম্পানী ছিৰাম ইনষ্টিটিউটে এই ভেকচিনবিধ প্রস্তুত কৰিছে৷ পত্রখনত ৰাষ্ট্রপতি ব’লছ’নাৰোৱে উল্লেখ কৰিছে যে ব্রাজিলক ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে টিকাকৰণ প্রক্রিয়া ক্ষিপ্রতৰ কৰাৰ ক্ষেত্রত সহায় আগবঢ়াব বুলি তেওঁ আশাবাদী৷

শীঘ্রে ছিৰাম ইনষ্টিটিউটে প্রস্তুত কৰা ২ নিযুত অর্থাৎ ২০ লাখ ড’জ ক’ভিশ্বিল্ড ভেকচিন ব্রাজিললৈ প্রেৰণ কৰা হ’ব বুলিও আশা প্রকাশ কৰিছে নেতাগৰাকীয়ে৷ ব’লছ’নাৰোৱে উল্লেখ কৰা অনুসৰি ব্রাজিলে ইতিমধ্যে দেশজুৰি ক’ভিডৰ টিকাকৰণ আৰম্ভ কৰিছে৷ ব্রাজিল চৰকাৰে ইতিমধ্যে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডে প্রস্তুত কৰা ক’ভাক্সিন আৰু ছিৰাম ইনষ্টিটিউটে প্রস্তুত কৰা এষ্ট্রাজেনেকা তথা অক্সফ’ড বিশ্ববিদ্যালয়ৰ ক’ভিশ্বিল্ড ভেকচিন দেশবাসীক প্রদান কৰিবলৈ বাছনি কৰা বুলিও উল্লেখ কৰিছে ব’লছ’নাৰোৱে৷

ইফালে ব্রাজিলিয়ান এছ’চিয়েচন অৱ ভেকচিন ক্লিনিকছৰ (এবিচিভিএচি) মুৰব্বী গেৰাল্ড’ বাৰব’ছাই ইতিমধ্যে হায়দৰাবাদস্থিত ভাৰত বায়’টেকৰ সৈতে ক’ভাক্সিন ভেকচিন প্রেৰণৰ বিষয়টো সন্দর্ভত যোগাযোগ চলি থকা বুলি ঘোষণা কৰিছে৷ ক’ভাক্সিন হ’ব ব্রাজিলৰ ব্যক্তিগত বজাৰত উপলব্ধ প্রথমটো ক’ভিড ভেকচিন৷ আগন্তুক মার্চ মাহৰ মাজভাগত ব্রাজিলে ক’ভাক্সিন ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে বাৰব’ছাই৷

লক্ষণীয়ভাৱে কালি ভাৰত চৰকাৰে আগন্তুক ১৬ জানুৱাৰীৰ পৰা দেশজুৰি ক’ভিডৰ গণ টিকাকৰণ আৰম্ভ কৰিব বুলি ঘোষণা কৰাৰ পাছতে ব্রাজিলৰ ৰাষ্ট্রপতিগৰাকীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ ক’ভিশ্বিল্ড ভেকচিন বিচাৰি পত্র লিখা বিষয়টোৱে বিশেষ তাৎপর্য কঢ়িয়াইছে৷

You might also like