বিশ্ব স্বাস্থ্য সংস্থাৰ কার্যক লৈ তীব্র প্রতিক্রিয়াঃ ভাৰতৰ মানচিত্রত নাই জম্মু–কাশ্মীৰ, লাডাখ
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ভাৰতৰ মানচিত্র ভুলকৈ প্রকাশ কৰি সমালোচনাৰ সন্মুখীন হৈছে বিশ্ব স্বাস্থ্য সংস্থা (হু)৷ এই মানচিত্রৰ পৰা বাদ দিয়া হৈছে জম্মু–কাশ্মীৰ আৰু লাডাখক৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই মানচিত্রক কেন্দ্র কৰি এতিয়া ভাৰতৰ অভ্যন্তৰত তথা বিদেশতো সৃষ্টি হৈছে তীব্র বিতর্কৰ৷ অভিযোগ অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ ক’ভিড মানচিত্রত লাডাখ, জম্মু–কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই৷
সংস্থাটোৰ এই মানচিত্র প্রকাশ পোৱাৰ লগে লগে ব্রিটেইনত থকা প্রবাসী ভাৰতীয়সকলে প্রথম ক্ষোভ প্রকাশ কৰিছে৷ হুৰ সৈতে চীনৰ ঘনিষ্ঠ সম্পর্ক থকা বাবেই সংস্থাটোৱে জম্মু–কাশ্মীৰ আৰু লাডাখক ভাৰতৰ মানচিত্রৰ পৰা মচি পেলোৱা বুলি বিভিন্ন মহলে অভিযোগ কৰিছে৷ মানচিত্র বিভ্রাটৰ বাবেই চীন আৰু হুৰ ঘনিষ্ঠ সম্পর্ক থকা বিষয়টো পুনৰ প্রমাণিত হোৱা বুলিও একাংশই মন্তব্য কৰিছে৷ কোনখন দেশত ক’ভিড পৰিস্থিতি কেনেধৰণৰ তাক দেখুৱাবলৈ বিশ্ব স্বাস্থ্য সংস্থাই ব্যৱহাৰ কৰি আহিছে দেশসমূহৰ মানচিত্র৷ সংস্থাটোৰ ৱেবছাইটত ব্যৱহূত দুখন মানচিত্রত এই ভুল ধৰা পৰিছে৷ মানচিত্রত ভাৰতক ঘন নীলা ৰঙেৰে চিহ্ণিত কৰা হৈছে৷
য’ত জম্মু–কাশ্মীৰ আৰু লাডাখক ধূসৰ ৰঙেৰে চিহ্ণিত কৰা হৈছে৷ অর্থাৎ মানচিত্রত এই অংশক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দেখুওৱা হৈছে৷ ইফালে আকছাই চীনক ধূসৰ ৰঙৰ ওপৰত নীলা ছাপ দি দেখুওৱা হৈছে৷ এই একেই চিহ্ণৰ চীনৰ ক্ষেত্রতো ব্যৱহাৰ কৰা হৈছে৷ আকছাই চীন চীনৰ অংশ হিচাপে দেখুওৱা বিষয়টোক লৈও সৃষ্টি হৈছে বিতর্ক৷