মহানগৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ মইমতালি
নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ক’ৰোনাকেন্দ্রিক জটিল পৰিস্থিতিৰ বাবে বিগত ৮ মাহ ধৰি ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান বন্ধ হৈ আছিল৷ লকডাউনৰ ফলত সৃষ্টি হোৱা অর্থনৈতিক মন্দাৱস্থাৰ বাবে চৰকাৰী চাকৰিয়ালৰ পৰা ব্যক্তিগত খণ্ডৰ কর্মচাৰী, ব্যৱসায়ী, দিন হাজিৰা কৰা লোকসকলৰ আর্থিক অৱস্থা অতি শোচনীয় হৈ পৰে৷ এই দিশৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক প্রাক প্রাথমিকৰ পৰা দ্বাদশ শ্রেণীলৈকে শিক্ষার্থীসকলৰ মাহেকীয়া মাচুল ২৫ শতাংশ ৰেহাই দিবলৈ টুইটযোগে আহ্বান জনাইছিল৷ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষামন্ত্রীৰ আহ্বানৰ প্রতি সঁহাৰি জনাই ২৫ শতাংশ মাহেকীয়া মাচুল ৰেহাই দিছিল৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে শিক্ষামন্ত্রীৰ আহ্বানক অংগুষ্ঠ প্রদর্শন কৰি এশ শতাংশ মাচুল আদায় লৈ থকা পৰিলক্ষিত হয়৷
শেহতীয়াকৈ ৰাজ্য চৰকাৰে এক নির্দেশযোগে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত প্রাক্ প্রাথমিকৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ বাবে বছৰেকীয়া মাচুল নির্ধাৰণ কৰি দিছিল৷ প্রাক্ প্রাথমিকৰ পৰা পঞ্চমমানলৈকে ২৭ হাজাৰ, ষষ্ঠ শ্রেণীৰ পৰা দশম শ্রেণীলৈ ৩২ হাজাৰ, একাদশ আৰু দ্বাদশ শ্রেণীৰ বিজ্ঞান শাখাত ৩৭ হাজাৰ, কলা শাখাত ৩২ হাজাৰ, বাণিজ্য শাখাত ৩৩ হাজাৰ আৰু অন্যান্য শাখাৰ বাবে ৩৫ হাজাৰ বছৰেকীয়া মাচুল নির্ধাৰণ কৰি দিছিল৷ এই নির্দেশনা অমান্য কৰা বিদ্যালয় কর্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলিও নির্দেশনাটোত উল্লেখ কৰিছিল৷ কিন্তু ৰাজ্য চৰকাৰৰ কঠোৰ নির্দেশনাৰ পিছতো মহানগৰীৰ একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে অভিভাৱকৰ পৰা অত্যধিক মাচুল আদায় লৈ আহিছে৷
ইয়াৰ উপৰি মাচুল আদায় দিয়াৰ বাবে অভিভাৱকলৈ বিদ্যালয় কর্তৃপক্ষই জাননীও জাৰি কৰিছে৷ বিদ্যালয় কর্তৃপক্ষক মাচুল আদায় দিব নোৱাৰি একাংশ অভিভাৱকে সন্তানক আন বিদ্যালয়ত নামভর্তি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একাংশ বিদ্যালয়ে ট্রেন্সফাৰ চার্টিফিকেট প্রদানৰ নামতো ব্যাপক হাৰত ধন সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ এশ শতাংশ মাচুল আদায় নিদিয়া অভিভাৱকক একাংশ বিদ্যালয় কর্তৃপক্ষই ট্রেন্সফাৰ চার্টিফিকেট প্রদান কৰা নাই৷ ফলত ছাত্র–ছাত্রীসকলে এটা শিক্ষাবর্ষ হেৰুৱাৰ উপক্রম ঘটিছে৷ ৰাজ্য চৰকাৰৰ নির্দেশনাৰ পিছতো ব্যক্তিগত খণ্ডৰ বিদ্যালয় কর্তৃপক্ষই ছাত্র–ছাত্রী আৰু অভিভাৱকক মাচুল বিচাৰি হেঁচা প্রয়োগ কৰি অহাত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্রেণীৰ অভিভাৱকসকল চিন্তিত হৈ পৰিছে৷ এইক্ষেত্রত চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী অভিভাৱকসকলে৷