নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রক সকীয়নি ছুপ্রিম ক’ৰ্টৰ ‘আমাৰ ধৈর্যক লৈ ভাষণ নিদিব’

কৃষক আন্দোলন মোকাবিলা কৰাত ব্যর্থতা

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ তিনি কৃষি আইন বাতিলক লৈ কৃষক সংগঠনসমূহে চলাই থকা প্রতিবাদ ৪০ দিন অতিক্রম কৰিলে৷ কৃষকৰ দাবীক লৈ কেন্দ্রীয় চৰকাৰে ৭খন বৈঠক অনুষ্ঠিত কৰাৰ পাছতো কোনো সু–মীমাংক্ষাত উপনীত হ’ব পৰা নাই৷ নতুন দিল্লীৰ সীমান্তত অব্যাহত থকা কৃষক আন্দোলন মোকাবিলা কৰাত কেন্দ্রীয় চৰকাৰৰ ভূমিকাত অসন্তুষ্টি প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ তিনি কৃষি আইনৰ সাংবিধানিক বৈধতাক লৈ সাংসদকে ধৰি বিশিষ্ট ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত জনোৱা কেইবাখনো আবেদনৰ শুনানি গ্রহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্রৰ ভূমিকাত অসন্তুষ্টি ব্যক্ত কৰাই নহয়, ন্যায়ালয়ৰ ধৈর্যক লৈ বত্তৃণতা নিদিবলৈ সকীয়নি দিছে৷ সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ নেতৃত্বত বিচাৰপীঠে তিনি কৃষি আইন সন্দর্ভত আবেদনৰ শুনানি গ্রহণ কৰি কেন্দ্রীয় চৰকাৰক আইনকেইখন বলৱৎ স্থগিত ৰাখিবলৈ পৰামর্শ দিয়ে অন্যথা বিচাৰপীঠে এইক্ষেত্রত পদক্ষেপ গ্রহণ কৰিব৷ তদুপৰি বিচাৰপীঠে কৃষকৰ আন্দোলনৰ সমস্যাটো সমাধানৰ বাবে বিশেষজ্ঞ কমিটী গঠনৰো পৰামর্শ দিয়ে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে প্রতিবাদী কৃষকৰ সৈতে আলোচনা অব্যাহত ৰখাৰ লগতে পৰৱর্তী ১৫ জানুৱাৰীত পুনৰ আলোচনাত বহিব বুলি চৰকাৰৰ হৈ এটর্নী জেনেৰেল কে কে বেণুগোপালে বিচাৰপীঠৰ সন্মুখত যুক্তি প্রদর্শন কৰে৷ এটর্নী জেনেৰেলগৰাকীৰ যুক্তি শুনি চি জে আই (মুখ্য ন্যায়াধীশ) এছ এ ব’বডেই কৃষকৰ আন্দোলনক লৈ চৰকাৰৰ ভূমিকাত গভীৰ অসন্তুষ্টি ব্যক্ত কৰি কয় যে কৃষি আইনবিৰোধী কৃষকৰ আন্দোলনক লৈ যি প্রক্রিয়া চৰকাৰে গ্রহণ কৰি আছে, ভৱিষ্যতে সমগ্র ৰাজ্যসমূহ বিদ্রোহী হৈ উঠিব৷ চৰকাৰে কৃষকৰ সৈতে আলোচনা চলাই থাকিলেও কৃষকৰ আন্দোলনক নির্ণায়ক সিদ্ধান্তত উপনীত হ’ব নোৱাৰাৰ লগতে বাৰম্বাৰ উচ্চ ন্যায়ালয়ক আলোচনা চলাই থকা বুলি অৱগত কৰা সন্দর্ভত অসন্তুষ্ট মুখ্য ন্যায়াধীশ ব’বডে৷ কেন্দ্রীয় চৰকাৰে তিনি কৃষি আইনবিৰোধী কৃষক সংগঠনৰ আইনক লৈ বিশেষ পদক্ষেপ গ্রহণ নকৰিবলৈ যুক্তি প্রদর্শন কৰা এটর্নী জেনেৰেলগৰাকীক সকীয়নি দি মুখ্য ন্যায়াধীশ ব’বডেই কয়– আমাৰ ধৈর্যক লৈ বত্তৃণতা নিদিব৷

You might also like