বিহুৰ দিনাই বিশ্বনাথত বনবিভাগৰ ৰেঞ্জ অফিচত অগ্নিসংযোগ
নিয়মীয়া বাৰ্তা ১৪ জানুৱাৰীঃ বিশ্বনাথঘাটস্থিত বনবিভাগৰ ৰেঞ্জ অফিছত উত্তপ্ত পৰিস্থিতি ৷ কাৰ্যালয়ত অগ্নিসংযোগ কৰে স্থানীয় ৰাইজে ৷ উত্তেজিত ৰাইজে জ্বনালে এখন বলেৰঅ’গাড়ী৷ উল্লেখ্য যে জয়ন্ত দাস নামৰ যুৱক এজনক এটা বনৰীয়া ম’হে ঘৰৰ চোতালতে আজি পুৱা হত্যা কৰাৰ পিছত ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু জ্বলাই দিয়ে কাৰ্যালয় আৰু বিভাগীয় গাড়ী এখন ৷
বৰ্তমানে অঞ্চলটোত পৰিস্থিতি এতিয়াও উত্তপ্ত হৈ আছে । উক্ত স্থানত আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়ন কৰাৰ লগতে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰো উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷