নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইডেনৰ ঘোষণাঃ দায়িত্ব লোৱাৰ ১০০ দিনত ভেকচিন দিব ১০০ নিযুত আমেৰিকানক

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: আমেৰিকা যুক্তৰাষ্ট্রৰ নির্বাচিত ৰাষ্ট্রপতি জ’ বাইডেনে দায়িত্ব গ্রহণ কৰাৰ ১০০ দিনৰ ভিতৰত ১০০ নিযুত লোকক ক’ৰোনা ভাইৰাছ ভেকচিন প্রদান কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে৷ ঘাতক ক’ভিড–১৯ত সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত থকা আমেৰিকাত দায়িত্ব গ্রহণ কৰিয়েই প্রথম পর্যায়ত বাইডেনে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে অন্তিম যুঁজ আৰম্ভ কৰিব৷ সেইমর্মে বাইডেনে দায়িত্ব লোৱাৰ ১০০ দিনৰ ভিতৰতেই ১০০ নিযুত লোকক ভেকচিন প্রদান কৰাৰ পৰিকল্পনাৰে প্রস্তুতি চলাইছে৷ উল্লেখ্য যে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক পৰাজিত কৰি দেশৰ ৰাষ্ট্রপতি হিচাপে নির্বাচিত হোৱা বাইডেনে ২০ জানুৱাৰীত ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিব৷

You might also like