নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: লাডাখৰ এল এ চিত চীন আৰু ভাৰতীয় সেনাৰ মাজত চলা উত্তেজনাৰ সময়ত ভাৰতীয় সেনাই চমৎকাৰ পাৰদর্শিতা দেখুৱাইছে৷ সেনাৰ বীৰত্বই দেশবাসীক গৌৰৱান্বিত কৰাই নহয়, মূৰ তুলি জীয়াই থাকিবলৈ সাহস যোগাইছে৷ এই মন্তব্য কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ৷
উত্তৰ প্রদেশৰ লক্ষ্ণৌৰ এক ৰাজহুৱা সভাত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে লাডাখৰ সীমান্তত চীনৰ সৈতে ভাৰতৰ সংঘাত সন্দর্ভত মন্তব্য কৰি সেনাৰ বীৰত্বক ভূয়সী প্রশংসা কৰে৷ লক্ষ্ণৌৰ বৈঠকখনত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথো উপস্থিত থাকে৷
উল্লেখ্য যে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বিগত কেইবাদিন ধৰি চীনৰ আগ্রাসী ভূমিকাক কঠোৰভাৱে সমালোচনা কৰি দেশখনক প্রত্যুত্তৰ দিবলৈ ভাৰতীয় সেনা সম্পূর্ণ সষ্টম হৈ আছে বুলি সকীয়নি দিছে চুবুুৰীয়া ৰাষ্ট্রখনক৷