নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ অৱসৰী বিষয়াৰ লুণ্ঠনৰাজ, ঘাট দখলেৰে যাত্রীৰ পৰা ১৫০ টকাকৈ সংগ্রহ

উমানন্দ মন্দিৰলৈ ফেৰী সেৱাৰ নামত যাত্রীক লুণ্ঠন

নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত দীর্ঘদিন ধৰি লুণ্ঠন চলাই বিভাগটোক মৃত্যুৰ মুখলৈ ঠেলি দিয়া একাংশ দুর্নীতিগ্রস্ত বিষয়াই অৱসৰৰ পাছতো বিভাগটোৰ নামত লুণ্ঠনৰাজ অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

অভিযোগ অনুসৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা অতিৰিক্ত সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰা পংকজ কুমাৰ গগৈয়ে ব্যক্তিগত পর্যটক নাওসেৱা প্রদানৰ নামত যাত্রীৰ পৰা অবাধ হাৰত ধন সংগ্রহ কৰি আহিছে৷ অৱসৰী বিষয়া পংকজ কুমাৰ গগৈয়ে পুত্র পার্থপ্রতিম গগৈৰ নামত আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু এটিডিচিৰ পৰা উমানন্দ টুৰিষ্ট ৰিভাৰ ক্রুইজ আৰু হাউচ ব’ট ছার্ভিচ প্রদানৰ নামত পর্যটকসকলৰ পৰা খেয়াল–খুচিমতে ধন সংগ্রহ কৰি আহিছে৷

এছ বি চুকাফা নামৰ জাহাজখনেৰে ৰিভাৰ ক্রুইজ সেৱাৰ বাবদ আধাঘণ্টাত ২০০০ টকা আৰু এঘণ্টাত ৩৫০০ টকাকৈ সংগ্রহ কৰি আহিছে৷ ইয়াৰ উপৰি উমানন্দলৈ ফেৰী সেৱা প্রদানৰ নামত প্রতিজন পর্যটক–যাত্রীৰ পৰা অবৈধভাৱে ১৫০ টকাকৈ সংগ্রহ কৰি আহিছে৷ শেহতীয়াকৈ ব্রহ্মপুত্রৰ জলপৃষ্ঠ হ্রাস পোৱাত কাছাৰী বজাৰৰ সমীপত থকা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ গুৱাহাটী উমানন্দ ফেৰী সেৱা গণেশ মন্দিৰৰ কাষলৈ নিয়াৰ সুযোগ লৈ অৱসৰী বিষয়াগৰাকীৰ পুত্র পার্থপ্রতিম গগৈয়ে নীতি–বহির্ভূতভাৱে ঘাটটো দখল কৰি ব্যৱসায় চলাই আহিছে৷

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দুর্নীতিগ্রস্ত বিষয়া হিচাপে চর্চিত অৱসৰী বিষয়া পংকজ কুমাৰ গগৈয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি ন্যূনতম সা–সুবিধা প্রদান নকৰাকৈ উমানন্দলৈ ফেৰী সেৱা প্রদানৰ নামত যাত্রীসকলৰ পৰা ১৫০ টকাকৈ সংগ্রহ কৰি অহাৰ পাছতো বিভাগটোৰ বিষয়াসকলে সমগ্র বিষয়টো গাপ দিয়াৰ চেষ্টা চলাইছে৷

উমানন্দ মন্দিৰলৈ প্রতিদিনে হাজাৰ হাজাৰ ভক্ত–দর্শনার্থীৰ সমাগম হয়৷ ইয়াৰে সুযোগ লৈ বিতর্কিত বিষয়াগৰাকীয়ে নিজেই পদপথত অস্থায়ী কাউণ্টাৰ বহুৱাই ধন সংগ্রহ কৰি আহিছে৷ উমানন্দ মন্দিৰলৈ অহা একাংশ পর্যটক আৰু যাত্রীয়ে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াসকলক ফেৰী সেৱা প্রদানৰ নামত অত্যধিক হাৰত ধন সংগ্রহ কৰাৰ অভিযোগ দিছিল৷

যাত্রীৰ অভিযোগৰ পাছতে কালি বিষয়াগৰাকীয়ে প্রতিজন যাত্রীৰ পৰা ১০০ টকাকৈ সংগ্রহ কৰে৷ উল্লেখ্য যে উমানন্দ মন্দিৰলৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰীত ২০ টকাত অহা–যোৱা কৰিব পাৰে৷ কিন্তু ব্যক্তিগত ফেৰী সেৱা প্রদানৰ নামত খেয়াল–খুচি মতে যাত্রীৰ পৰা ১৫০ টকাকৈ সংগ্রহ কৰি অহাৰ পাছতো বিভাগীয় কর্তৃপক্ষই বিষয়টোৰ ক্ষেত্রত কোনো গুৰুত্ব প্রদান কৰা নাই৷

২০১৭ চনতে পাৰ্থপ্ৰতিম গগৈয়ে ৰিভাৰ ক্রুইজ সেৱা প্রদানৰ নামত উপায়ুক্তৰ পৰা আপত্তিবিহীন প্রমাণ–পত্র উলিয়াইছিল৷ তদানীন্তন উপায়ুক্ত ড০ এম অংগমুথুৱে প্রদান কৰা আপত্তিবিহীন প্রমাণ–পত্রখনকে লৈ কেনেদৰে বিগত ৩ বছৰ ধৰি নীতি–নির্দেশনা উলংঘাৰে ব্রহ্মপুত্রত ফেৰী সেৱা প্রদান কৰি আহিছে সেয়াও ৰহস্যৰ বিষয়৷

ব্যক্তিগত ফেৰী সেৱা প্রদানৰ নামত অৱসৰী বিষয়াৰ পুত্রই চলোৱা লুণ্ঠনৰাজ বন্ধ কৰাৰ বিৰুদ্ধে বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like