মালিগাঁৱত ২৫ লাখ টকাৰ সোণৰ বিস্কুটসহ দুজনক গ্রেপ্তাৰ
নিয়মীয়া বার্তা, ১৭ জানুৱাৰীঃ মহানগৰ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই জালুকবাৰী আৰক্ষীৰ সহযোগত আজি অভিযান চলাই মালিগাঁৱৰ পৰা প্রায় ২৫ লাখ টকাৰ সোণসহ দুজন চোৰাং ব্যৱসায়ীক আটক কৰে৷ আটকাধীন চোৰাং ব্যৱসায়ী দুজন ক্রমে তাপস পাল আৰু ফজৰুল হক বুলি জানিব পৰা গৈছে৷
আৰক্ষীৰ অভিযানকাৰী দলটোৱে চোৰাং সোণ ব্যৱসায়ী দুজনৰ পৰা ৪৯৮ গ্রাম ওজনৰ তিনিখন সোণৰ বিস্কুট জব্দ কৰাৰ লগতে এএছ–১২–ভি–৫২৭৮ নম্বৰৰ চাৰিচকীয়া বাহন জব্দ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে, ধৃত ব্যৱসায়ী দুজনে উক্ত বাহনত মহানগৰীৰ ফাঁচী বজাৰৰ পৰা ঢেকীয়াজুলিলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷
আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি আজি বিয়লি প্রায় তিনি বজাত মালিগাঁৱৰ পৰা বাহনসহ সোণৰ বিস্কুট তিনিখন জব্দ কৰাৰ লগতে চোৰাং সোণ ব্যৱসায়ী দুজনক আটক কৰে৷ ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে উত্তৰ–পূর্বাঞ্চলত পূর্বৰে পৰা চোৰাং সোণ আন্তঃৰাষ্ট্রীয় ব্যৱসায়ী চক্রই বহিঃৰাজ্যলৈ বিভিন্ন কৌশলেৰে সৰবৰাহ কৰি আহিছে৷