নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ক’ভিড–১৯ মহামাৰীৰ বাবেই বিশ্বৰ পর্যটকসকলৰ আকর্ষণৰ কেন্দ্রবিন্দু আগ্রাৰ তাজমহলত বিগত বর্ষটোত পর্যটকৰ সংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছিল৷ ২০২০ বর্ষটোত তাজমহলত পর্যটকৰ সংখ্যা ৭৬ শতাংশ হ্রাস পায়৷ ২০১৯ত তাজমহল দর্শন কৰা বিদেশী পর্যটকৰ সংখ্যা আছিল ৭ লাখ ৩৭ হাজাৰ৷ ২০২০ বর্ষটোত সেই সংখ্যা ১ লাখ ৮২ হাজাৰলৈ হ্রাস পায়৷ সেইদৰে ২০১৯ত তাজমহল দর্শন কৰা দেশীয় পর্যটকৰ সংখ্যা আছিল ৪৮ লাখ ৩৫ হাজাৰ৷ ২০২০ চনত দেশৰ ১১ লাখ ৩৫ হাজাৰ পর্যটকেহে তাজমহল দর্শন কৰে৷ পুৰাতত্ত্ব বিভাগৰ অধীক্ষক বসন্ত কুমাৰ স্বর্ণকাৰে আজি এই তথ্য সদৰী কৰিছে৷ উল্লেখনীয় যে ২০২০ৰ ১৭ মার্চৰ পৰা ২১ ছেপ্ঢেম্বৰলৈ ক’ভিড–১৯ৰ বাবে আগ্রাৰ এই সুদৃশ্য স্মৃতিসৌধ বন্ধ ৰখা হৈছিল৷ এই সময়ছোৱাত কোনো পর্যটকে তাজমহল দর্শনৰ সুযোগ লাভ কৰা নাছিল৷ গতিকে বর্ষটোত অভাৱনীয়ভাৱে দর্শনার্থীৰ সংখ্যা হ্রাস পায়৷