নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিক্ৰী নোযোৱা লটাৰী টিকট দিব গৈছিল ওভতাই, কিন্তু নিমিষতে হৈ পৰিল কোটিপতি

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ এটা বিক্ৰী নোযোৱা লটাৰী টিকটৰ বাবে কোটিপতি এগৰাকী লটাৰী টিকট বিক্ৰেতা। কেৰেলা চৰকাৰৰ খ্ৰীষ্টমাছ আৰু নৱবৰ্ষ বাম্পাৰ লটাৰীৰ টিকট বিক্ৰী কৰা চাৰাফুদ্দিন নামৰ লোকগৰাকীৰ ভাগ্যৰথৰ চকৰী ঘূৰা কাহিনীটোও আমোদজনক।

এগৰাকী পেছাগত লটাৰী বিক্ৰেতা ৰূপে পৰিয়াল পোহপাল দিয়া চাৰাফুদ্দিনৰ ঘৰ তামিলনাদুত যদিও তেওঁ সপৰিয়ালে বাস কৰে কেৰেলা চৰকাৰৰ পতিত ভূমিত থকা এটা জৰাজীৰ্ণ ঘৰত। পুৱা ৭.৩০ বজাত লটাৰী এজেঞ্চীৰ পৰা লটাৰী টিকট ক্ৰয় কৰি দিনৰ দিনটো বিক্ৰী কৰি ফুৰে তেওঁ।

দিনবোৰ তেনেকৈয়ে পাৰ হয় যদিও লকডাউনৰ বাবে টিকট বিক্ৰীৰ হাৰ কমি আহে। পূৰ্বৰ দৰে নিজা গ্ৰাহক নোপোৱাত তেওঁৰ আয়ৰ লগতে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত আহি পৰে সংকট। কিন্তু যোৱা মঙলবাৰে ঘটিল এক আজৱ আৰু আমোদজনক ঘটনা।

টিকট বিক্ৰী নোযোৱাৰ ক্ষোভসহ লটাৰীৰ টিকটৰ হিচাপ দিবলৈ গৈ চাৰাফুদ্দিনে প্ৰত্যক্ষ কৰে তেওঁৰ বিক্ৰী নোযোৱা এটা নম্বৰ লাগি আছে লটাৰীত, যাৰ মূল্য ১২ কোটি টকা। লগে লগে চাৰাফুদ্দিনে কাৰ্যালয়ত গৈ প্ৰদৰ্শন কৰে টিকট আৰু মুহূৰ্ততে হৈ পৰে কোটিপতি।

১২ কোটিৰ পৰা চৰকাৰৰ কৰ, জি এছ টি কটা যোৱাৰ পিছত তেওঁ হাতত থাকে ৭.৫০ কোটি টকা। ৰিয়াধত ৯ বছৰ এটা কোম্পানীত চাকৰি কৰাৰ পিছত ঘৰলৈ ওভতা চাৰাফে আৰম্ভ কৰিছিল লটাৰী টিকট বিক্ৰী কাৰ্য। আৰু কালি টিকট বিক্ৰী নোযোৱা দুৰ্ভাগ্যই তেওঁৰ বাবে খুলি দিয়ে সৌভাগ্যৰ দুৱাৰ।

বাতৰি সংস্থা পি টি আইক চাৰাফুদ্দিনে জানিবলৈ দিয়া মতে, নিজকে খুব ভাগ্যৱান বুলি গণ্য কৰিছে তেওঁ। এতিয়া চাৰাফে এই টকাৰে ভূমি ক্ৰয় কৰি ঘৰ নিৰ্মাণ কৰিব আৰু এটা সৰু ব্যৱসায়ৰ মাজেৰে জীৱন আৰম্ভ কৰিব।

You might also like