নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰমণ কৰোঁতে বমি হয় নেকি? অৱলম্বন কৰক এইকেইটা উপায়…

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ  বহু লোকৰ ভ্ৰমণ কৰাৰ সময়ত বমি হোৱাৰ সমস্য়াই দেখা দিয়ে। এবাৰ নহয় বহুবাৰ বমি হয় বহুতৰে। বহুতে এনে কাৰণতে ভ্ৰমণ কৰিবলৈ অসন্মত হয়। ভ্ৰমণ কালত বমি কৰা বা বমি ভাব অহাটো গতিজনিত ৰোগৰ লক্ষণ (Motion Sickness Symptoms) বুলিও কয়।

কিন্তু এইটো কোনো ধৰণৰ বেমাৰ নহয়। যেতিয়া আমাৰ মগজুৰ ভিতৰত কাণ, চকু আৰু শৰীৰত ভিন্ন ধৰণৰ সংকেত লাভ কৰে তেতিয়া আমাৰ শৰীৰত থকা সিৰা উপসিৰাসমূহ বিভ্ৰান্ত হৈ যায়, যাৰ বাবে বমি হোৱাৰ সমস্য়াই দেখা দিয়ে।

কিন্তু ইয়াৰ পৰা বাচিবলৈ কেইটামান উপায় অৱলম্বন কৰিলে ভ্ৰমণৰ সময়ত বমিৰ পৰা মুক্ত হ’ব পাৰিব।

নেমু ৰাখকঃ যেতিয়া কোনো ধৰণৰ দীৰ্ঘ ভ্ৰমণলৈ যায় তেতিয়া নিজৰ লগত এটা পকা নেমু লগত ৰাখক। যেতিয়া আপোনাৰ বমি বমি ভাৱ হয় তেতিয়া নেমুৰ অলপ গোন্ধ লওক, ইয়াৰ পিছত আপোনাৰ মনৰ পৰা বমি ভাব দূৰ হব।

লং ৰাখকঃ লং অলপ গুড়ি কৰি এটা সৰু টেমাত ৰাখক। যেতিয়াই ভ্ৰমণ কৰে তেতিয়াই লগত ৰাখত আৰু বমি ভাব আহিলে অলপ লং আৰু ক’লা নিমখ লৈ খালে বমি ভাবৰ পৰা মুক্তি পাব পাৰি।

তুলসী পাতঃ ভ্ৰমণৰ সময়ত তুলসী পাত যদি চোবাই তেতিয়া বমি কোনো দিনে নহয়।

নেমু আৰু জালুকঃকটা নেমুত জালুক দি অলপ ক’লা নিমখেৰে খাই দিলে বমি ভাব নাইকিয়া হয়।

নেমু আৰু পদিনাঃ ইয়াৰ উপৰি এবটল নেমু আৰু পদিনাৰ ৰস ক’লা নিমখ দি খালেও বমি ভাব দূৰ হয়।

You might also like