নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জো বাইডেনৰ বাবে এখন অতি মানৱীয় চিঠি লিখি গৈছিল ট্ৰাম্পে

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিলেও হোৱাইট হাউছ ত্যাগ কৰাৰ সময়ত নতুন ৰাষ্ট্ৰপতি জো বাইডেনৰ বাবে এখন চিঠি লিখি থৈ য়ায় ট্ৰাম্পে। এই চিঠিক অতি মানৱীয় বুলি জনাইছে বাইডেনে।

ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণৰ পিছতে হোৱা সংবাদ মেলত এই কথা উল্লেখ কৰি বাইডেনে কয় যে চিঠিখন পঢ়ি ভাল লাগিছে। কিন্তু বাইডেনে চিঠিত কি লিখিছে সেয়া ৰাজহুৱা নকৰি কয়- ‘ব্যক্তিগত চিঠি। গোপনীয়। আগতে তেওঁৰ লগত এই বিষয়ে কথা পাতিব লাগিব, তাৰ পিছত চিঠিৰ বক্তব্য জনাব পৰা যাব।’

উল্লেখ্য যে হোৱাইট হাউছ ত্যাগ কৰাৰ সময়ত পৰৱর্তী ৰাষ্ট্ৰপতি বাবে পূৰ্বৰ ৰাষ্ট্ৰপতিয়ে চিঠি লিখি যোৱাৰ পৰম্পৰা আমেৰিকাৰ প্রথম প্রেছিডেন্ট জর্জ ৱাশিংটনৰ সময়ৰ পৰাই চলি আহিছে।

You might also like