নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰৰ বাবে ছেনছেক্স ৫০ হাজাৰ অতিক্রম

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে জ’ বাইডেনে দায়িত্ব গ্রহণ কৰাৰ পাছতেই আন্তর্জাতিক বজাৰত উত্থান আৰম্ভ হোৱাৰ ফলত ভাৰতৰ দালাল ষ্ট্রীটত উলাহ বৃদ্ধি পাইছে৷ ঠিক তেনেদৰে ৰিলায়েঞ্চক ফিউচাৰ গ্রুপৰ সৈতে চুক্তি কৰিবলৈ ছেবিয়ে অনুমতি দিয়াৰ লগতে কেন্দ্রীয় চৰকাৰে দাখিল কৰিবলগীয়া বাজেটৰ প্রাক্প্রভাৱৰ ফলত শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান হৈছে৷ বিএছই ছেনছেক্সে আজি অভিলেখ সৃষ্টি কৰিছে৷ প্রথমবাৰৰ বাবেই ছেনছেক্স ৫০ হাজাৰ অতিক্রম কৰাৰ সমান্তৰালকৈ নিফ্টিও সর্বকালৰ শিখৰত উপনীত হৈছে৷ আজি পুৱা শ্বেয়াৰ বজাৰ মুকলি হোৱাৰ পাছতেই বিএছই ছেনছেক্স ঊর্ধ্বগামী হ’বলৈ ধৰে আৰু ৩০০.০৯ পইণ্ট অথবা পইণ্ট ০৬ শতাংশ ঊর্ধ্বগামী হৈ ৫০,০৯২.২১ স্পর্শ কৰে৷ শ্বেয়াৰ বজাৰৰ ইতিহাসত প্রথমবাৰৰ বাবে ছেনছেক্সে ৫০ হাজাৰ অতিক্রম কৰি নতুন অভিলেখ সৃষ্টি কৰে৷ আনপিনে, এনএছই নিফটি ৮৫.৪০ পইণ্ট অথবা ০.৫৮ শতাংশ ঊর্ধ্বগামী হৈ বজাৰ সামৰণি পৰে ১৪,৭৩০ত৷ ছেনছেক্সে অভিলেখ গঢ়াৰ মূলত হৈছে যান–বাহন আৰু টেলিকম ষ্টকৰ ব্যৱসায় ঊর্ধ্বগামী৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ১৯৭৯ চনৰ এপ্রিলত ছেনছেক্স প্রথমবাৰৰ বাবে ১০০ অতিক্রম কৰিছিল, ১৯৯০ চনৰ জুলাইত ১০০০, ২০০৬ চনৰ ফেব্রুৱাৰীত ১০,০০০, ২০০৭ চনৰ ডিচেম্বৰত ২০,০০০, ২০১৫ চনৰ মার্চত ৩০,০০০, ২০১৯ চনৰ মে’ত ৪০,০০০, ২০১৯ চনৰ নৱেম্বৰত ৪১,০০০, ২০২০ চনৰ ৩১ ডিচেম্বৰত ৪৭,৮৯৬, ২০২১ চনৰ ২০ জানুৱাৰীত ৪৯,৮৭৪ আৰু আজি ২১ জানুৱাৰীত ৫০,০০০ অতিক্রম কৰে৷ ৩৪ বছৰ পাছত বিএছই ছেনছেক্সৰ ৫০,০০০ অতিক্রম কৰিছে৷ উল্লেখ্য যে বিগত বর্ষৰ মার্চ মাহত মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে লকডাউনৰ ফলত শ্বেয়াৰ বজাৰ নিম্নগামী হৈছিল যদিও লকডাউন প্রত্যাহাৰ কৰি আনলক বলৱৎ কৰাৰ পৰাই শ্বেয়াৰ বজাৰৰ উত্থান আৰম্ভ হয়৷ ২০২০ চনৰ ডিচেম্বৰৰ পৰাই শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান আৰম্ভ হয় আৰু এই প্রক্রিয়া অব্যাহত থকাত ছেনছেক্স প্রথমবাৰৰ বাবে ৫০ হাজাৰ অতিক্রম কৰি অভিলেখ সৃষ্টি কৰে৷

You might also like