নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছ সংস্থাৰ বিৰুদ্ধে গোচৰ ৰুজু চিবিআইৰ

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ কেন্দ্রীয় অনুসন্ধান সংস্থা (চিবিআই)ই আজি ব্রিটিছ ৰাজনৈতিক পৰামর্শদাতা প্রতিষ্ঠান কেম্ব্রিজ এনালিটিকা আৰু গ্ল’বেল ছায়েন্স ৰিছার্চ লিমিটেডৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে৷ ফেচবুকৰ পৰা ভাৰতীয় লোকৰ ব্যক্তিগত ডাটা সংগ্রহ কৰাৰ বাবেই এই সংস্থা দুটাৰ বিৰুদ্ধে সংস্থাটোৱে গোচৰ ৰুজু কৰা বুলি ঘোষণা কৰিছে৷ সুদীর্ঘ আঢ়ৈ বছৰ ধৰি চলোৱা তদন্তৰ পিছত ৩৫০গৰাকী ফেচবুক ব্যৱহাৰকাৰীৰ লগতে তেওঁলোকৰ ফ্রেণ্ড নেটৱর্কত থকা ৫ লাখ ৬২ হাজাৰগৰাকী লোকৰ তথ্য সংগ্রহ কৰা বুলি নিশ্চিত কৰিছে৷ অবৈধভাৱে এই তথ্য সংগ্রহ কৰা বুলি অভিযোগ কৰিছে চি বি আয়ে৷

সংস্থাটোৱে গ্ল’বেল ছায়েন্স ৰিছার্চ লিমিটেডৰ সঞ্চালক ড০ আলেকজেণ্ডাৰ ক’গানৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ উপৰি কেম্ব্রিজ এনালিটিকাৰ বিৰুদ্ধেও তথ্য–প্রযুক্তি আইনৰ অধীনত ৰুজু কৰিছে এটি গোচৰ৷ স্মর্তব্য যে পূর্বেও কেম্ব্রিজ এনালিটিকা অনুৰূপ অভিযোগৰ সন্মুখীন হৈছিল৷

You might also like