গুৱাহাটীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ
নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ শ্বিলঙৰপৰা আহি গুৱাহাটীৰ নাৰেঙ্গীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰী জনক আদৰণি জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
উল্লেখ্য যে গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ পূব নলবাৰীৰ পাইকাৰকুছিৰ সমীপৰ কেন্দুকুছি গাঁৱৰ শ্বহীদ মুকুন্দ কাকতি স্মৃতিক্ষেত্র জনসমাৱেশত অংশ গ্ৰহণ কৰিব ৷ যুদ্ধকালীন তৎপৰতাৰে ইতিমধ্যে সাজু কৰি তোলা হৈছে ১২ লাখ বর্গকিলোমিটাৰ এলেকা৷ ওচৰতে নির্মাণ কৰা হৈছে হেলিপেড৷ যোৱা ১৮ জানুৱাৰীত বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ দপ্তৰৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শ্বহীদ মুকুন্দ কাকতি স্মৃতিক্ষেত্র পৰিদর্শন কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিয়াৰ পাছতে ১৯ জানুৱাৰীত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও অহা ২৪ জানুৱাৰীত অনুষ্ঠিতব্য বিজয় সংকল্প সমাৰোহস্থলী পৰিদর্শন কৰে৷
ইফালে, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই নলবাৰীতে বাহৰ পাতি বিজয় সংকল্প সমাৰোহ সফল কৰিবলৈ সকলো দিশ তদাৰক কৰিছে৷ বিশাল সমাৰোহখনত প্রায় দুই লাখ লোকে অংশগ্রহণ কৰিব বুলি আশা প্রকাশ কৰে বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শইকীয়াই৷