নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিছপুৰ প্ৰেছ ক্লাৱত ড০ অনন্ত মাধৱ দত্তৰ তিনিখন পুথি উন্মােচন

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ  আজি ২৩ জানুৱাৰী ২০২১ ত ড° অনন্ত মাধৱ দত্তৰ তিনিখন ভিন্নধর্মী পুথি সময়ৰ সোঁতত পাষাণ হৃদয় আৰু উত্তৰণ দিছপুৰ প্ৰেছ ক্লাৱত উন্মাচোন হয়। বাস্তৱধর্মী তিনিখন কিতাপৰ লেখক ড° দত্তই সময়ৰ সোঁতত পুথিত তিনি পুৰুষত ক্রমাগতিত পৰিৱৰ্তন হোৱা পাৰিবাৰিক, সামাজিক, আর্থিক, শিক্ষা, স্বাস্থ্য তথা যুৱক-যুৱতীৰ চিন্তাধাৰাক সামৰি দাঙি ধৰিছে। পাষাণ হৃদয় পুথিত লেখকে এচাম উশৃংখল তথা অসামাজিক ছাত্র-ছাত্রীৰ ক্রিয়া প্রকাশ কৰাৰ উপৰিও এগৰাকী সৎসাহী নাৰীৰ সৎ সাহস তথা আৱেগ, অনুভূতিৰ দ্বাৰা সত্য প্রতিষ্ঠিত কৰাৰ পৰিকল্পনা কিতাপখনত বলিষ্ঠভাবে প্রকাশ কৰিছে। তৃতীয়খন পুথি উত্তৰণত সন্নিৱিষ্ট ১১ টা গল্পত লেখকে বর্তমান সমাজত এচাম লােকৰ বা ব্যক্তিৰ মাজত তথা সমাজত ঘটি থকা অন্যায়, অবিচাৰ, উত্থান-পতন আৱেগ তথা প্রগতিবাদী চিন্তা আৰু সমন্বয়ৰ ছবি সুন্দৰকৈ ৰাইজলৈ আগবঢ়াই এখন নিকা সমাজ আশা কৰাৰ প্ৰয়াস কৰিছে।
ড° দত্তই সহজ-সৰল ভাষাৰে লিখা এই তিনিখন পুথিত সুপৰিকল্পিতভাবে প্রকাশ কৰা সামাজিক উত্তৰণৰ বাস্তৱধর্মী পুথিয়ে সকলােৰে সমাজৰ লাভ কৰিব বুলি আশা কৰিব পাৰি।
শ্রী ঈস্পিতা দত্তৰ জ্যোতি সংগীত আৰু বন্তি প্রজ্জ্বলনেৰে আৰম্ভ হােৱা অনুষ্ঠানত উন্মােচক অসম সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ, লেকক তথা বেদজ্ঞ ড° নৃপেন্দ্র নাথ শৰ্মা, বিশিষ্ট চিকিৎসক অসম আয়ুর্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডাঃ ধনেশ্বৰ কলিতা, লেখক উৎপল শর্মাই ড° দত্তৰ পুথিসমূহৰ ৰচনাৰ শলাগ লয় আৰু এই পুথি নিশ্চয় পটুৱৈ সমাজে আদৰি ল’ব বুলি আশা কৰে। উপস্থিত বিশিষ্ট ব্যক্তিসকলে একাষাৰত ড° দত্তৰ এই প্রচেষ্টাই যুৱক-যুৱতী আৰু সমাজত ধনাত্মক প্রভাৱ পেলাব বুলিও আশা কৰে।

You might also like