নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এমইচি বৈঠকত আলোচনাৰ মাধ্যমেৰে উত্তৰ পূবৰ ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ পৰামর্শ

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ উত্তৰ–পূবৰ ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদ আলোচনাৰ মাজেৰে মীমাংসা কৰাৰ পোষকতা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ কালি শ্বিলঙত অনুষ্ঠিত ৬৯সংখ্যক উত্তৰ–পূব পৰিষদৰ বৈঠকত অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰাৰ লগতে কয় যে ৰাজ্যসমূহৰ মাজত থকা সীমা বিবাদৰ সমস্যা সমাধানৰ বিষয়টোক কেন্দ্রীয় চৰকাৰে সদায় বিশেষ প্রাধান্য দি আহিছে৷ আগন্তুক অসম বিধানসভা নির্বাচনৰ পাছতেই এই দিশত কেন্দ্রীয় চৰকাৰে পদক্ষেপ গ্রহণ কৰিব৷ বৈঠকত ভাষণ প্রদান কৰি গৃহমন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যেতিয়া দেশৰ দায়িত্ব গ্রহণ কৰিছিল, তেতিয়াই তেওঁ ঘোষণা কৰিছিল যে উত্তৰ–পূবৰ বিকাশ অবিহনে দেশৰ বিকাশ অসম্ভৱ৷

বিগত সময়ছোৱাত সমগ্র উত্তৰ–পূব কিদৰে অৱহেলিত হৈ আহিছিল সেয়া বিগত ৬ বছৰত স্পষ্ট হৈ পৰিছে৷ আজিৰ বৈঠকত কেন্দ্রীয় ড’নাৰমন্ত্রী জিতেন্দ্র সিং, মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা, মিজোৰামৰ মুখ্যমন্ত্রী জোৰাম থাংগা, অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ লগতে কেইবাজনো ৰাজ্যপাল তথা শীর্ষ বিষয়া উপস্থিত থাকে৷ ইয়াৰ পূর্বে আজি গুৱাহাটীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নেতাজী সুভাষ চন্দ্র বসুৰ ১২৫সংখ্যক জন্মবার্ষিকীত মহান স্বাধীনতা সংগ্রামীজনক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত নেতাজীৰ প্রতিচ্ছবিত পুষ্পাঞ্জলি জ্ঞাপন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় সুভাষ চন্দ্র বসু আছিল এগৰাকী প্রভাৱশালী ছাত্র, আজন্ম দেশপ্রেমিক, সুদক্ষ প্রশাসক তথা সংগঠক আৰু অসামান্য যুঁজাৰু, উদ্দীপনাসম্পন্ন এজন নেতা৷ তেওঁৰ সাহসিকতা আৰু বীৰত্বই ভাৰতীয় স্বাধীনতা আন্দোলনত নতুন শক্তি প্রদান কৰিছে৷ প্রতিকূল পৰিস্থিতিত তেওঁ সুদক্ষ নেতৃত্বৰে যুৱশক্তিক সংগঠিত কৰিছিল৷ নেতাজীৰ অবিৰত সংগ্রামৰ প্রতি সমগ্র ৰাষ্ট্র চিৰকাল ঋণী হৈ থাকিব৷ 

You might also like