নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক্ষাধিক টকাৰ সা–সম্পত্তিসহ ৮টা বাসগৃহ ভস্মীভূত

বোন্দাৰ আমগাঁৱত ভয়াৱহ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ মহানগৰীৰ পানীখাইতী আৰক্ষী চকীৰ অন্তর্গত বোন্দাৰ আমগাঁৱত শুকুৰবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে, আমগাঁও নিৱাসী বিমলা সিন্হাৰ ভাৰাঘৰত শ্বর্ট চার্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ জুইৰ লেলিহান শিখাই ভয়াৱহ ৰূপ ধাৰণ কৰি এটাৰ পিছত আনটো ভাৰাঘৰলৈ জুই বিয়পি পৰে ৷ দিনৰ ১.৩০ বজাত সংঘটিত হোৱা অগ্নিকাণ্ডই ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰে যে নিমিষতে ৮টাকৈ ভাৰাঘৰ ভস্মীভূত হয় ৷ অগ্নিকাণ্ডটোত ৪–৫ লক্ষাধিক টকাৰ সা–সামগ্রী জুইত জাহ যায় ৷ পানীখাইতী আৰক্ষী চকী আৰু চন্দ্রপুৰৰ অগ্নিনির্বাপক বাহিনীৰ দুখনকৈ জুই নুমুওৱা বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নির্বাপণ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জনোৱা মতে, অগ্নিকাণ্ডটোত ধনেশ্বৰ দাস, অক্ষয় কলিতা, শম্ভু ৰাজবংশী, ৰীণা দাস, দেৱেন লহকৰ, বাপী মণ্ডল আৰু কল্পনা দাসৰ বাসগৃহ জ্বলি ছাই হয় ৷

You might also like