আমচৈত চোৰাং কাঠ উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ধৰমতুল আঞ্চলিক বন বিষয়া সঞ্জীব বৰদলৈ, আমচৈ খণ্ড বন বিষয়া মুকুতা বৰ্মনে আজি পুৱা ১০ মান বজাত বন কৰ্মী, বন সুৰক্ষা বাহিনী আৰু দুলাল বৰাৰ নেতৃত্বত আমচৈ আৰক্ষী বাহিনীয়ে যৌথভাৱে অভিযান চলাই বালিজুৰি বজাৰৰ সমীপত থকা মুজিবুৰ ৰহমানৰ পুখুৰীৰ পৰা প্ৰায় ডেৰ লাখৰো অধিক টকা মূল্যৰ মূল্যৱান কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এই চোৰাং কাঠ ব্যৱসায়ী মুজিবুৰ ৰহমানে পলাই সাৰিবলৈ সক্ষম হয় ।
বন কৰ্মীসকলে চোৰাং কাঠখিনি পুখুৰীটোৰ পৰা তুলি আমচৈৰ কাৰ্যালয়লৈ লৈ আনে । আমচৈ খণ্ড বন বিষয়া মুকুতা বৰ্মনৰ পৰা জানিব পৰা মতে, মুজিবুৰ ৰহমানে বহুদিনৰ পৰাই আমচৈ অঞ্চলৰ বনাঞ্চলত কাঠৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত হৈ আছে। বন বিভাগে মুজিবুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই আছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই ।
এই চোৰাং কাঠখিনি উদ্ধাৰৰ ক্ষেত্ৰত বনকৰ্মী নিপ বৰুৱাই বিশেষ ভূমিকা পালন কৰে ।