মাজ জালভাৰী গাঁৱৰ চৌধ প্ৰসঙ্গীয়া নামঘৰৰ পালনাম মহোৎসৱৰ সামৰণি
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ পশ্চিম ঢকুৱাখনা গাঁও পঞ্চায়ত অন্তগত মাজ জালভাৰী গাঁৱৰ চৌধ প্ৰসঙ্গীয়া মহাপুৰুষীয়া নামঘৰত যোৱা ২২ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা ৭২ সংখ্যক পালনাম মহোৎসৱৰ আজি সফল সামৰণি পৰে ৷
গাঁওখনত কলেৰা মহামাৰী নিৰ্মুলৰ বাবে ১৯৪১ চনতে অনুষ্ঠিত কৰা পালনাম মহোৎসৱ প্ৰথমতে প্ৰতি বছৰে আৰু পিছলৈ দুবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰি অহা পালনাম মহোৎসৱৰ আজি অন্তিম দিনা পুৱা প্ৰসংগ মাজ জালভাৰী গাঁৱৰ আইসকল আৰু গায়ন-বায়নৰ সৌজন্যত পানী তোলা, আইসকলৰ নাম অনুষ্ঠিত হয়।
বাসুদেব থান নৰোৱা সত্ৰৰ ডেকা সত্ৰীয়া বীৰেন্দ্ৰ দেৱগোস্বামীদেৱে উদ্বোধন কৰা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত পালনামৰ সামৰণি মাৰি বৰসবাহ আৰম্ভ কৰি সন্ধিয়া প্ৰতিঘৰৰ পদূলিত বন্তি প্ৰজ্বলন কৰি ৰাতিলৈ মাজ জালভাৰী গাঁৱৰ যুৱ বৃন্দৰ দ্বাৰা ৰাম পৰাজয় সীতা পতালে গমন নাটকেৰে ভাওনা প্ৰদৰ্শনেৰে তিনিও দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মাৰে ৷