নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰ’ল ৭২সংখ্যক গণৰাজ্য দিৱস৷ হিংসাত্মক হৈ উঠিল দুমাহৰো অধিককাল ধৰি শান্তিপূর্ণভাৱে চলি থকা কৃষক আন্দোলন৷ ইণ্ডিয়া গেটত তেতিয়া চলি আছে পেৰেড অনুষ্ঠান৷ দেশ–বিদেশৰ গণ্যমান্য অতিথিৰ মাজত আছে দেশৰ প্রধানমন্ত্রী, ৰাষ্ট্রপতিও৷ ইয়াৰ ঠিক এক কিলোমিটাৰ আঁতৰত যুদ্ধংদেহি ৰূপত অৱস্থান কৰিছে হাজাৰ হাজাৰ ড্রেক্টৰেৰে আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীত অনুপ্রৱেশ কৰা প্রতিবাদী কৃষকৰ দল৷ কথা আছিল দিল্লী–সংলগ্ণ হাৰিয়ানা আৰু উত্তৰ প্রদেশ সীমান্তৰ মুঠ পাঁচটা পথেৰে কৃষি আইন বাতিলৰ দাবীত আন্দোলনৰত কৃষকসকলে দিল্লীৰ ৰাজপথত ড্রেক্টৰ ৰেলী কৰিব৷ পিছে দিল্লী সীমান্তৰ মুকার্বা চৌকত আন্দোলনৰত কৃষক সংগঠনসমূহৰ উমৈহতীয়া মঞ্চ সংযুক্ত কিষাণ মর্চাৰ সৈতে হোৱা মতভেদৰ পৰিণতিত কৃষক নেতা সৎনাম সিং পান্নুৰ নেতৃত্বাধীন কিষাণ মজদুৰ সংঘর্ষ কমিটীৰ প্রায় পাঁচ হাজাৰ ড্রেক্টৰত অহা কৃষকৰ দল এটাই পূর্বনির্ধাৰিত পথ পৰিত্যাগ কৰি মুকার্বা চৌকৰ পৰা বেলেগ এটা পথ বাছি ল’লে৷ প্রায় চাৰি ঘণ্টা ধৰি দিল্লী আৰক্ষীৰ সৈতে হিংসাত্মক সংঘর্ষত লিপ্ত হৈ ৩০ হাজাৰৰো বেছি কৃষকৰ দলটোৱে চেণ্ড্রেল দিল্লীৰ আইটি’লৈকে আহি উপস্থিত হয়৷ আইটি’ত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি৷ কন্দুৱা গেছ, লাঠীচার্জ কৰি আৰক্ষীয়ে কথমপি প্রতিবাদী কৃষকৰ দলটোক প্রতিহত কৰিবলৈ সক্ষম হয়৷ আইটি’ত আৰক্ষীৰ প্রত্যাহ্বানৰ সন্মুখীন হৈ প্রতিবাদী কৃষকৰ এটা গোটে লক্ষ্যভ্রষ্ট হৈ লালকিল্লা গৈ পায়৷ আৰক্ষীৰ বাধা নেওচি কৃষকসকলে লালকিল্লাত উৰি থকা ৰাষ্ট্রীয় পতাকাৰ সমান্তৰালকৈ শিখ ধর্মাৱলম্বীসকলৰ পতকা ‘নিশান ছাহিব’ৰ লগতে প্রতিবাদী কৃষকসকলৰ প্রতীকী পতাকাও উত্তোলন কৰিবলৈ সক্ষম হয়৷ পিছত ইণ্ডিয়া গেটৰ পেৰেড অনুষ্ঠানত নিয়োজিত ২৫ হাজাৰ আৰক্ষী তথা নিৰাপত্তা বাহিনীক আইটি’ অঞ্চলত মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্রণলৈ অনা হয়৷ আৰক্ষীৰ সৈতে হোৱা সংঘর্ষত এজন প্রতিবাদী কৃষকৰ মৃত্যু হোৱাৰ বিপৰীতে দিল্লী আৰক্ষীৰ বিবৃতি অনুসৰি তিনিশৰো অধিক আৰক্ষী আহত হয়৷ লক্ষণীয়ভাৱে প্রতিবাদী কৃষকজনৰ মৃত্যুক লৈও সৃষ্টি হৈছে বিভিন্ন ভাষ্য৷ আৰক্ষীৰ মতে, আইটি’ৰ সমীপত ড্রেক্টৰ দুর্ঘটনাত পতিত হৈ কৃষকজনৰ মৃত্যু ঘটিছিল৷ পিছে প্রতিবাদী কৃষকসকলৰ অভিযোগ অনুসৰি আৰক্ষীয়ে চলোৱা কন্দুৱা গেছৰ গুলী আহি কৃষকজনৰ কপালত লাগে৷ কপালত লাগিহে থিতাতেই মৃত্যু ঘটিছিল কৃষকজনৰ৷ মৃত কৃষকজনক লৈ পিছত পৰিস্থিতি অধিক উত্তেজনাপূর্ণ হৈ পৰে৷ আৰক্ষীয়ে কৃষকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ল’ব বিচাৰিছিল যদিও কৃষকসকলৰ যুদ্ধংদেহি অৱস্থানৰ বাবে কাষ চাপিব পৰা নাছিল৷ পিছত সন্ধিয়াৰ ভাগত মৰণোত্তৰ পৰীক্ষা অবিহনেই আন্দোলনৰত কৃষকসকলে মৃত কৃষকৰ শৱদেহ বিশেষ গাডীৰে লৈ গুচি যায়৷
আইটি’, লালকিল্লাৰ বাহিৰে ১০ লক্ষাধিক কৃষকৰ শান্তিপূর্ণ ড্রেক্টৰ ৰেলী
মুকার্বা চৌকৰ পৰা নাংলই হৈ ড্রেক্টৰ ৰেলীৰ এই অৰাজক চিত্রৰ বিপৰীতে সংযুক্ত কিষাণ মর্চা তথা অল ইণ্ডিয়া কিষাণ সংঘর্ষ সমন্বয় সমিতিৰ ১০ লক্ষাধিক কৃষকৰ ড্রেক্টৰ ৰেলী আছিল সম্পূর্ণ শান্তপূর্ণ৷ দিল্লী–হাৰিয়ানাৰ টিক্রী সীমান্তই হওক কিম্বা সিংঘু সীমান্ত, সকলো পথেৰে লক্ষাধিক ড্রেক্টৰেৰে দিল্লী আৰক্ষীয়ে অনুমতি প্রদান কৰা পূর্বনির্ধাৰিত পথেৰে মূলতঃ পঞ্জাব আৰু হাৰিয়ানাৰ কৃষকসকলৰ সৈতে দেশৰ বিভিন্ন প্রান্তৰ কৃষকসকলে শান্তিপূর্ণভাৱে ড্রেক্টৰ ৰেলীত অংশগ্রহণ কৰে৷ পিছে লালকিল্লা আৰু আইটি’ৰ হিংসাত্মক ঘটনাৰ পিছত বিয়লিৰ ভাগত সংযুক্ত কিষাণ মর্চাৰ নেতৃবৃন্দই গণৰাজ্য দিৱসৰ ড্রেক্টৰ ৰেলী আধাতে সমাপ্ত কৰি প্রতিবাদকাৰী কৃষকসকলক দিল্লী সীমান্তৰ নিজা নিজা প্রতিবাদথলীলৈ উভতি যোৱাৰ আবেদন জনায়৷ হিংসাৰ নিন্দা কৰিছে কৃষক আন্দোলনৰ অন্যতম মুখ যোগেন্দ্র যাদৱকে ধৰি দর্শন পাল প্রমুখ্য কৃষক নেতাই৷
কৃষক পেৰেডত অসমৰ ২০জনীয়া কৃষকৰ যোগদান
মঙলবাৰে কৃষকসকলৰ ড্রেক্টৰ ৰেলীত অংশগ্রহণ কৰে অসমৰ পৰা অহা ২০জনীয়া কৃষকৰ এটা প্রতিনিধি দলে৷ পুৱা ৮ বজাত হাৰিয়ানাৰ ছাহজানপুৰৰ পৰা আৰম্ভ হোৱা কৃষক পেৰেডত কৃষক নেতা সোণেশ্বৰ নৰহৰ নেতৃত্বাধীন দলটোৱে হাৰিয়ানাৰ মানেছৰ অঞ্চলতেই কৃষক পেৰেড সমাপ্ত কৰে৷ ছাহজানপুৰত অসমৰ প্রতিনিধি দলটোৱে দেশৰ ২৯খন ৰাজ্যৰ প্রতিনিধিসকলৰ সৈতে লগ লাগি পেৰেড কার্যসূচী ৰূপায়ণ কৰে৷ পিছত এক বিবৃতিযোগে নৰহে কেন্দ্রৰ কৃষি আইন প্রত্যাহাৰৰ লগতে অসমত কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীও জনায়৷
গণৰাজ্য দিৱসৰ হিংসাত্মক কৃষক আন্দোলনৰ আঁৰত থকা বিভিন্ন দিশ
গণৰাজ্য দিৱসত কৃষকসকলৰ ড্রেক্টৰ ৰেলীক কেন্দ্র কৰি সংঘটিত হিংসাৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে কৃষক সংগঠনসমূহক পোনপটীয়াকৈ দায়ী কৰিছে যদিও এই হিংসাৰ আঁৰত বিভিন্ন মহলৰ পৰা কেইবাটাও অভিযোগ আহিছে৷ চৰকাৰৰ সৈতে আলোচনা চলাই অহা তথা কৃষক আন্দোলনক নেতৃত্ব প্রদান কৰা সংযুক্ত কিষাণ মর্চাৰ নেতৃবৃন্দই পোনপটীয়াকৈ হিংসাত জডিত কৃষকসকলৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই বুলি বিবৃতি প্রদান কৰে৷ প্রথমতে কৃষক নেতাসকলে সমগ্র ঘটনাৰ সৈতে অসামাজিক শক্তি জডিত থকাৰ অভিযোগ উত্থাপন কৰিছিল যদিও পিছত তেওঁলোকে গণৰাজ্য দিৱসৰ হিংসাৰ আঁৰত চৰকাৰী ষডযন্ত্র থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ এইক্ষেত্রত সংযুক্ত কিষাণ মর্চাৰ তৰফৰ পৰা পঞ্জাবৰ এজন অভিনেতা তথা শাসকীয় বিজেপিৰ সৈতে সম্পর্ক থকা দীপ সিধুক পোনে পোনে জগৰীয়া কৰিছে৷ উল্লেখ্য যে দীপ সিধু হৈছে পঞ্জাবৰ গুৰুদাসপুৰ লোকসভা সমষ্টিৰ বিজেপি সাংসদ তথা অভিনেতা ছানী দেউলৰ সহযোগী৷ কোৱা হৈছে লালকিল্লাত ধর্মীয় পতাকা উত্তোলনৰ ঘটনা তথা কৃষকসকলক প্রৰোচনা কৰাৰ আঁৰত দীপ সিধু জডিত হৈ আছিল৷ লালকিল্লাত প্রৰোচনা দি থকা অৱস্থাত সিধুৰ কেইবাটাও ভিডি’ ছ’চিয়েল মিডিয়াত দেখা গৈছে৷ কৃষক আন্দোলনক নেতৃত্ব প্রদান কৰা সংযুক্ত কিষাণ মর্চাৰ নেতা ৰাজিন্দৰ সিঙে আজি পোনে পোনে অভিযোগ উত্থাপন কৰে যে চৰকাৰী ষডযন্ত্রৰ বাবেই দুমাহ ধৰি চলি থকা শান্তিপূর্ণ কৃষক আন্দোলন হিংসাত্মক হৈ পৰিল৷ কৃষক নেতাজনৰ বক্তব্য– চৰকাৰে প্রথমৰ পৰাই বিচাৰিছিল যে এই আন্দোলনে হিংসাত্মক ৰূপ লওক আৰু আৰক্ষীয়ে এই আন্দোলন দমন কৰক৷ অন্যথা আৰক্ষীয়ে মুকার্বা চৌকৰ পৰা আইটি’– ইমান দূৰলৈকে হাজাৰ হাজাৰ কৃষকক আহিব কিয় দিলে? আৰক্ষীয়ে বিচাৰিলে সীমান্ততেই এওঁলোকক বাধা দিব পাৰিলেহেঁতেন যেতিয়া ইণ্ডিয়া গেট পাবৰ হ’লহি তেতিয়াহে আৰক্ষীৰ টোপনি ভাঙিল? প্রশ্ণ ৰাজিন্দৰ সিঙৰ৷
দুই কৃষক সংগঠনৰ কৃষি আন্দোলন প্রত্যাহাৰ, সংযুক্ত কিষাণ মর্চাই অব্যাহত ৰাখিব আন্দোলন
ইপিনে, গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাক সন্মুখত ৰাখি ভাৰতীয় কিষাণ ইউনিয়নৰ ভানু গোট আৰু ৰাষ্ট্রীয় কিষাণ মজদুৰ সংগঠনে কৃষক আন্দোলনৰ কার্যসূচী আজি প্রত্যাহাৰ কৰে৷ লক্ষণীয়ভাৱে কেইবাটাও কৃষক সংগঠনৰ উমৈহতীয়া মঞ্চ স্বৰূপ অল ইণ্ডিয়া কিষাণ সংঘর্ষ সমন্বয় সমিতিৰ ৰাষ্ট্রীয় সমন্বয়ক পদৰ পৰা অব্যাহতি দিয়া কৃষক নেতা ভি এম সিঙে সংবাদ সংস্থা এ এন আইৰ ওচৰত এই কথা জানিবলৈ দিয়ে৷ কৃষক আন্দোলনে হিংসাত্মক ৰূপ লোৱাৰ বাবে ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাকেশ টিকাইট গোটক দায়ী কৰি ভি এম সিঙে গণৰাজ্য দিৱসৰ হিংসাৰ আঁৰত কৃষক নেতা ৰাকেশ টিকাইটক পোনে পোনে দায়ী কৰে৷ এই প্রসংগত সংযুক্ত কিষাণ মর্চাৰ ৰাজিন্দৰ সিঙৰ বক্তব্য– দুই–এটা সংগঠনে আন্দোলন এৰি যাব পাৰে৷ কিন্তু সংযুক্ত কিষাণ মর্চাৰ নেতৃত্বত কৃষক আন্দোলন অব্যাহত থাকিব তথা ১ ফেব্রুৱাৰীত পূর্বনির্ধাৰিত সংসদ অভিযান কার্যসূচী সন্মুখত ৰাখি শান্তিপূর্ণভাৱেই এই আন্দোলন চলি থাকিব৷