নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দুটা ‘স’ৰ আধাৰত পুনৰ চৰকাৰ কৰিব বিজেপিয়ে’ ৰঞ্জিত দাস

পৃষ্ঠাপ্রমুখ সন্মিলনেৰে বিজেপিৰ নির্বাচনী ৰণকৌশল

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ  ১০০+ আসন দখলেৰে পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্য স্থিৰ কৰা বিজেপিয়ে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান৷ নিজৰ দখলত থকা সমষ্টিত ব্যাপক ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে বিৰোধীৰ দখলত থকা সমষ্টিও কাঢ়ি অনাৰ বাবে তলে তলে আৰম্ভ কৰিছে ব্লুপ্রিণ্ট৷ এই লক্ষ্যৰে শাসকীয় দলটোৱে অধিক সক্রিয় কৰি তুলিছে দলৰ পৃষ্ঠাপ্রমুখসকলক৷ ভোটাৰ তালিকাৰ প্রতিটো পৃষ্ঠাৰ দায়িত্ব একোগৰাকী দলীয় কার্যকর্তাৰ হাতত তুলি দি বিৰোধীৰ ভোট কাঢ়ি অনাৰ পৰিকল্পনাত ব্যস্ত হৈ পৰা শাসকীয় দলটোৱে ইতিমধ্যে এইক্ষেত্রত লাভ কৰিছে যথেষ্ট সফলতা৷ এই প্রস্তুতিৰ মাজতে কালিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক বিজেপিৰ পৃষ্ঠাপ্রমুখ সন্মিলন৷ কালি উত্তৰ কৰিমগঞ্জত আৰম্ভ হোৱা এই সন্মিলনৰ পাছত বৃহস্পতিবাৰে ৰাতাবাৰীত অনুষ্ঠিত আনখন পৃষ্ঠাপ্রমুখ সন্মিলনতেই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ ঘোষণা– ২০২১ত ১০0+ আসনেৰে পুনৰ ক্ষমতালৈ বিজেপি অহাটো নিশ্চিত৷ দুটা ‘স’ৰ আধাৰত এইবাৰ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব৷

ইয়াৰে প্রথমটো ‘স’ হৈছে ৰাজ্য চৰকাৰৰ সফলতা আৰু আনটো হৈছে দলৰ সক্রিয়তা৷ মুখ্যতঃ এই দুটা মন্ত্রৰে দল আৰু চৰকাৰে নির্বাচনৰ বাবে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে৷ এই দুয়ো শব্দক অসমৰ ৰাইজে বিশ্বাসেৰে আঁকোৱালি লোৱা বুলি কয় দলীয় নেতৃত্বই৷ আজি ৰাতাবাৰীত ৰঞ্জিত দাসে পৃষ্ঠাপ্রমুখ সন্মিলনত ভাষণ প্রদান কৰি নির্বাচনৰ বাবে প্রতিগৰাকী কার্যকর্তাক অধিক কষ্ট কৰাৰ বাবে আহ্বান জনায়৷ ৰাজ্যিক সভাপতিগৰাকীয়ে পৃষ্ঠাপ্রমুখসকলৰ সৈতে সমাগত নির্বাচন সম্পর্কত মত বিনিময় কৰাৰ লগতে বৰাকৰ প্রতিটো সমষ্টিৰ বাবে পৃথকে পৃথকে ৰণকৌশল প্রস্তুত কৰা সম্পর্কত বিস্তাৰিত আলোচনা কৰে৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে কালিৰে পৰা ২৭ ফেব্রুৱাৰীলৈ এমাহজোৰা দলীয় কার্যসূচী আৰম্ভ কৰিছে৷ পৃষ্ঠাপ্রমুখ সন্মিলনেৰে আৰম্ভ কৰা এই অভিযানৰ সমান্তৰালকৈ দলটোৱে এইবাৰ সামাজিক মাধ্যমৰ জৰিয়তেও চলাব নির্বাচনী প্রচাৰ৷ ইয়াৰ বাবে সক্রিয় কৰি তুলিছে দলৰ আই টি চেলক৷ ইতিমধ্যে সামাজিক মাধ্যমত চৰকাৰৰ উন্নয়নমূলক কাম–কাজসমূহ প্রচাৰ কৰাৰ লক্ষ্যৰে মুকলি কৰা হৈছে ৫০ হাজাৰৰো অধিক হোৱাটছএপ গ্রুপ৷ ৰাজ্যিক বিজেপিৰ সূত্র অনুসৰি দলৰ যুৱ মর্চাই ২৮ হাজাৰ হোৱাটছএপ গ্রুপ মুকলি কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিেেয় মুকলি কৰিছে আন ২৮ হাজাৰ হোৱাটছএপ গ্রুপ৷ দলৰ ২৮ হাজাৰটা বুথত হোৱাটছএপ গ্রুপ মুকলি কৰি অধিক সক্রিয় হৈ পৰিছে দলটোৰ আই টি চেল৷ ইয়াৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে উত্থাপন হৈ অহা অভিযোগসমূহৰ প্রত্যুত্তৰ দিয়াৰ লগতে ৰাজ্য চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক কামৰো প্রচাৰ চলোৱা হ’ব৷

You might also like