নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উলুবাৰীত ছুইগীৰ কর্মচাৰীৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ  অ’লা–উবেৰ–ছুইগীকে ধৰি বহুজাতিক কোম্পানীয়ে থলুৱা যুৱক–যুৱতীক আত্মসংস্থাপন দিয়াৰ নামত বিভিন্ন সময়ত প্রৱঞ্চনাৰে ধন হৰলুকী কৰি আহিছে৷ শেহতীয়াকৈ ছুইগী নামৰ বহুজাতিক কোম্পানীটোৱে ডেলিভাৰী এগ্জিকিউটিভৰ ছার্ভিচ টেক্স পূর্বৰ ৩০ টকাৰ পৰা ১৫ টকালৈ হ্রাস কৰে৷

বহুজাতিক কোম্পানী ছুইগীয়ে নতুন আঁচনিৰ জৰিয়তে ডেলিভাৰী এগজিকিউটিভৰ ছার্ভিচ টেক্স হ্রাস কৰাৰ প্রতিবাদত  উলুবাৰীৰ ছুইগীৰ কার্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰে৷ সহস্রাধিক ছুইগী ডেলিভাৰী এগ্জিকিউটিভে হাতে হাতে বেনাৰ–পোষ্টাৰ লৈ ছুইগী কর্তৃপক্ষই লোৱা এনে হঠকাৰী সিদ্ধান্ত প্রত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰে৷

উল্লেখ্য যে গুৱাহাটী মহানগৰীত ছুইগীৰ অধীনত প্রায় ১,৫০০ ডেলিভাৰী এগ্জিকিউটিভ আছে৷ প্রতিবাদীকাৰীসকলে শীঘ্রে ছুইগী কর্তৃপক্ষই এই সিদ্ধান্ত প্রত্যাহাৰ নকৰিলে পৰৱর্তী সময়ত ইয়াতকৈয়ো ভয়াৱহ আন্দোলন কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিয়ে৷

You might also like