জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰিব অগপই
নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ সমাগত নির্বাচনত অগপই জয়ৰ সম্ভাৱনা থকা সমষ্টিতহে প্রতিদ্বন্দ্বিতা কৰিব৷ –এই কথা স্পষ্ট কৰিলে অগপৰ সভাপতি অতুল বৰাই৷ গুৱাহাটীত কৃষক সজাগতা অভিযান আৰু বিভাগীয় সামাজিক মাধ্যমৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ অতুল বৰাই ইয়াকো কয় যে যিবোৰ সমষ্টিত অগপৰ শিপা আছে, সেই শিপা থকা সমষ্টিত দলে প্রতিদ্বন্দ্বিতা কৰিবলৈ প্রস্তুতি চলাই আছে৷ নির্বাচনত মিত্রজোঁটৰ অন্যতম অংশীদাৰী দল হিচাপে অগপই বিজেপিৰ সৈতে আসন বুজাবুজি কিধৰণে কৰিব, তাক লৈ অচিৰেই আলোচনা হ’ব বুলিও উল্লেখ কৰে কৃষিমন্ত্রীগৰাকীয়ে৷ তেওঁ কয়– আমি নিজাববীয়াকৈ সমীক্ষা চলাইছোঁ৷ সমীক্ষাৰ ভিত্তিত সম্ভাৱনাপূর্ণ সমষ্টিসমূহত দলে প্রার্থী দিব৷ আনহাতে, নতুন ৰাজনৈতিক দলৰ উত্থান সন্দর্ভত অতুল বৰাৰ মন্তব্য– অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল জন্ম হোৱাৰ পাছত অগপ অধিক শক্তিশালী হৈছে৷ এই দল দুটা কাৰ ঔৰসত ভূমিস্থ হৈছে অসমৰ ৰাইজে জানে৷ অগপ হৈছে অসমীয়া ৰাইজৰ তেজৰ বিনিময়ত গঠিত দল৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক কটাক্ষ কৰি অতুল বৰাই কয়– কংগ্রেছে ১০০+ আসন দখলৰ যি দাবী কৰিছে, সেয়া অলিক কল্পনা৷ সেয়া কংগ্রেছেও জানে আৰু দলৰ পর্যবেক্ষক জিতেন্দ্র সিঙেও জানে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ ফলত দলটো এতিয়া ৰাইজৰ পৰা বহু দূৰ আঁতৰি গৈছে৷ উজনিত এই মিত্রতাৰ প্রভাৱ পৰিছে৷
ইফালে আগন্তুক নির্বাচনত অগপই কেইটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিব, তাক লৈ চলি থকা চর্চা সন্দর্ভত অতুল বৰাই কয়– ১৯৮৫ চনৰ পৰা ২০১৬ চনলৈ বিভিন্ন নির্বাচনত অগপই ৮৪টা সমষ্টিত জয়ী হৈছে৷ সেই সমষ্টিসমূহত অগপই পূর্বতকৈ সাংগঠনিক দিশ শক্তিশালী কৰিছে৷ যিহেতু আমি বিজেপিৰ সৈতে মিত্রতাত আছোঁ, সেয়েহে আসন বুজাবুজিৰ বিষয়টো টেবুলৰ আলোচনাত মীমাংসা কৰা হ’ব৷ উল্লেখ্য যে কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কৃষি আঁচনি, কৃষি বিষয়ক তথ্যসমূহৰ বিষয়ে ৰাজ্যৰ কৃষকসকলক সঠিকভাৱে অৱগত কৰোৱাৰ লক্ষ্যৰে কৃষি বিভাগে ৰাজ্যৰ আটাইকেইখন জিলাৰ গ্রামাঞ্চল আৰু নগৰ অঞ্চলত এলইডি বাহনেৰে সজাগতা অভিযান চলোৱাৰ ব্যৱস্থা গ্রহণ কৰিছে৷ এই উদ্দেশ্যে শুকুৰবাৰে কৃষি ভৱনত অনুষ্ঠিত সজাগতা অভিযান আৰু বিভাগীয় সামাজিক মাধ্যম উদ্বোধন কৰে মন্ত্রী অতুল বৰাই৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রীগৰাকীয়ে কয় যে ডিজিটেল ব্যৱস্থাৰ জৰিয়তে কৃষকসকলক কৃষি সম্পর্কীয় বিষয়বোৰ সঠিকভাৱে প্রচাৰ কৰা হ’ব৷ ইয়াৰ বাবে ২০খন এলইডি ভানে সজাগতা অভিযান চলাব৷ মন্ত্রীজনে প্রধানমন্ত্রীৰ কৃষি নিধিৰ ধন অযোগ্য ব্যক্তিয়ে লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে সজাগতাৰ অভাৱৰ বাবে এই আঁচনিৰ পৰা বঞ্চিত হৈছে প্রকৃত কৃষক৷ কৃষকক বঞ্চিত কৰি যিসকল অযোগ্য লোকে এই আঁচনিৰ ধন লাভ কৰিছে, তেওঁলোকৰ ওপৰত তদন্ত হ’ব৷ তেওঁলোকে এই ধন ঘূৰাই দিব লাগিব৷