নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ জম্মু–কাশ্মীৰৰ পুলৱামা জিলাৰ ট্রলৰ মান্দোৰা অঞ্চলত নিৰাপত্তা বাহিনীৰে সংঘর্ষত অতিকমেও তিনি দুর্ধর্ষ সন্ত্রাসবাদী নিহত হৈছে৷ কাশ্মীৰৰ আইজিপি বিজয় কুমাৰে প্রকাশ কৰা মতে মান্দোৰা অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত তিনি সন্ত্রাসবাদী নিহত হৈছে৷ নিহত সন্ত্রাসবাদীকেইটাক এতিয়াও চিনাক্ত কৰা হোৱা নাই৷ ঘটনাস্থলীৰ পৰা নিৰাপত্তা বাহিনীয়ে অস্ত্র–শস্ত্রও জব্দ কৰিছে৷ উল্লেখ্য যে চোৰাংচোৱাৰ বিশেষ তথ্যৰ আধাৰত উক্ত অঞ্চলত আত্মগোপন কৰি থকা সন্ত্রাসবাদীৰ বিৰুদ্ধে সেনা–চিআৰপিএফ আৰু জম্মু–কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলায়৷
You might also like