নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘বাংলাদেশতহে ১০০ আসন পাব কংগ্রেছে’ ড০ শর্মাৰ কটাক্ষ

ৰিপুণৰ ১০০ আসনক নস্যাৎ দেৱব্রত শইকীয়াৰ

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনত বিজেপিৰ ১০০+ মিছনক প্রত্যাহ্বান জনাই শেহতীয়াকৈ কংগ্রেছ সভাপতি ৰিপুণ বৰা আৰু পর্যবেক্ষক জিতেন্দ্র সিঙেও ১০০খন আসন লাভ কৰিব বুলি দাবী কৰাৰ সময়তে বিৰোধী দলপতি দেৱব্রত শইকীয়াই এনে দাবীক আজি নস্যাৎ কৰিলে৷ দেৱব্রত শইকীয়াৰ মন্তব্য– কংগ্রেছে নির্বাচনত ৬০+ আসন লাভ কৰাটো নিশ্চিত৷ বিৰোধী দলপতিগৰাকীৰ মতে, আগন্তুক নির্বাচনত কংগ্রেছ আৰু মিত্রদলে আৱশ্যক হোৱা ৬৪খন আসনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷  সংবাদ মাধ্যমক দেৱব্রত শইকীয়াই কয়– ১০০+ৰ অংক মই বুজি নাপাওঁ৷ মই কলা শাখাৰ ছাত্র৷ গতিকে ১০০+ৰ এনেবোৰ অংক বুজি পোৱাত মোৰ অসুবিধা৷ মই মাত্র জানো, চৰকাৰ গঠন কৰিব পৰাকৈ কংগ্রেছ আৰু মিত্রদলে ৬৪তকৈ অধিক আসন দখল কৰিবলৈ সক্ষম হ’ব৷

আনহাতে, বিজেপিৰ ১০০+ৰ অভিযান সন্দর্ভত কটাক্ষ কৰি দেৱব্রত শইকীয়াই কয়– তেওঁলোকৰ জ্যোতিষীৰ সৈতে ভাল সম্পর্ক আছে৷ নিশ্চিতভাৱেই তেওঁলোকৰ অংক শাস্ত্রৰ পণ্ডিতৰ সৈতেও সম্পর্ক ভাল আছে৷ সেয়েহে তেওঁলোকে ১০০+ৰ কথা কৈছে৷ কিন্তু অসমৰ জনগণে এইবাৰ বেলট বাকচত এই অংক নোহোৱা কৰিব৷ দেৱব্রত শইকীয়াৰ মন্তব্যৰ সমান্তৰালকৈ কংগ্রেছৰ সাংসদ আব্দুল খালেকৰ মন্তব্য– ৰাজনীতি অংক নহয়৷ ৰাজনীতি ৰসায়নহে৷ বিজেপিয়ে যিদৰে দাবী কৰিছে যে তেওঁলোকে ১০০+ আসন লাভ কৰিব, কোনে জানে অসমৰ ৰাইজে হয়তো কংগ্রেছকে ১০০+ আসন দিব৷ গতিকে ৰাজনীতি অংক নহয়, এয়া ৰসায়নহে৷

কংগ্রেছৰ ১০০+ আসনৰ দাবীক লৈ চলি থকা চর্চাৰ মাজতে আজি বিৰোধী দলটোক কটাক্ষ কৰিলে জ্যেষ্ঠ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীৰ মন্তব্য– কংগ্রেছে ১০০খন আসন বাংলাদেশতহে পাব৷ শুকুৰবাৰে চিৰাঙত এখন জনসভাত অংশগ্রহণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত ড০ শর্মাই কয়– প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই যিবোৰ স্থানত সভা অনুষ্ঠিত কৰি আছে, তাৰ পৰাই স্পষ্ট হয় যে কংগ্রেছে কোন শ্রেণীৰ লোকক লৈ ৰাজনীতি কৰিছে৷ কংগ্রেছে ১০০খন আসন পাব পাৰে, কিন্তু অসমত নহয়, বাংলাদেশতহে পাব৷

You might also like