৭১ শতাংশ হ্রাস মহাসাগৰীয় হাংগৰ
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ দ্রুতগতিত হ্রাস পাইছে মহাসাগৰীয় হাংগৰৰ সংখ্যা৷ দশক দশক ধৰি মহাসাগৰীয় হাংগৰৰ সংখ্যা হ্রাস পাই অহা বুলি বিভিন্ন তথ্যত প্রকাশ পাই আহিছে যদিও সাগৰীয় জীৱবিজ্ঞানী ষ্টুৱার্ড সন্দিনে বিস্ফোৰক তথ্য আগবঢ়াইছে৷
সাগৰীয় জীৱবিজ্ঞানীগৰাকীয়ে হাংগৰ সন্দর্ভত প্রকাশ কৰা তথ্য মতে আন্তর্জাতিক পর্যায়ত মাছ মৰাকে ধৰি মহাসাগৰসমূহত মানৱীয় কার্যকলাপ বৃদ্ধি হৈ থকাৰ বাবেই ১৯৭০ চনৰ পাছৰে পৰা হাংগৰৰ সংখ্যা হ্রাস পাইছে৷ এই সংখ্যা ইমানেই হ্রাস পাইছে যে মহাসাগৰৰ কিছু অঞ্চল হাংগৰবিহীন হৈ পৰিছে৷
তথ্য মতে ৭১ শতাংশ মহাসাগৰীয় হাংগৰৰ বিলুপ্তি ঘটিছে৷ অর্থাৎ হাংগৰৰ সংখ্যা ৭১ শতাংশ হ্রাস পাইছে৷ জীৱবিজ্ঞানীগৰাকীয়ে ৫৭ আন্তর্জাতিক গৱেষণাৰ তথ্যৰ আধাৰত এই বিস্ফোৰক তথ্য উদঙাই দিছে৷ ৩১ প্রজাতি হাংগৰৰ ভিতৰত ২৪ প্রজাতিয়েই বিলুপ্তিৰ দিশত আগবাঢ়িছে৷