নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ তিনিটাকৈ গুৰুত্বপূর্ণ কার্যসূচীৰ শুভাৰম্ভ তথা আধাৰশিলা স্থাপনৰ বাবে অহা ৭ ফেব্রুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ যোৱা ২৩ জানুৱাৰীত শিৱসাগৰত ভূমিপট্টা প্রদানৰ এক বৃহৎ কার্যসূচীত অংশ লোৱাৰ ১৫ দিনৰ ভিতৰতেই পুনৰ ঢ়েকীয়াজুলিত কেইবাটাও কার্যসূচীৰ বাবে উপস্থিত হ’ব প্রধানমন্ত্রীগৰাকী৷ শুকুৰবাৰে এই কথা অৱগত কৰিলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়া মতে, শ্বহীদ নগৰী ঢ়েকীয়াজুলিৰ পৱিত্র ভূমিৰ পৰা ৭ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিশ্বনাথ চাৰিআলি আৰু চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আধাৰশিলা স্থাপন কৰিব৷ আনহাতে, একেদিনাই ৰাজ্য চৰকাৰে ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে প্রস্তুত কৰা অসম মালা আঁচনিৰো শুভাৰম্ভ কৰিব প্রধানমন্ত্রীগৰাকীয়্৷
উল্লেখ্য যে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ১৫ দিনৰ ভিতৰতেই প্রধানমন্ত্রী মোদীৰ দুবাৰকৈ অসম ভ্রমণে স্বাভাৱিকতে চৰকাৰ তথা বিজেপিক উৎফুল্লিত কৰি তুলিছে৷ ২৩ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা শিৱসাগৰৰ বিশাল সভাৰ দৰেই এইবাৰো প্রধানমন্ত্রীৰ আগমনক কেন্দ্র কৰি ঢ়েকীয়াজুলিত চলিছে বিশাল প্রস্তুতি৷ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰ তথা স্থানীয় প্রশাসনে আৰম্ভ কৰিছে ব্যাপক কুচকাৱাজ৷ উল্লেখ্য যে এই সভাৰ পৰাই উত্তৰ অসমত প্রধানমন্ত্রী মোদীয়ে দলৰ নির্বাচনী ৰণশিঙা বজোৱাৰো পূর্ণ সম্ভাৱনা আছে৷
কংগ্রেছ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক উভতি ধৰিলে ৰাজ্যিক বিজেপিয়ে
এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে যি সময়ত সাম্প্রদায়িক মন্তব্যৰে পৰিৱেশ বিনষ্ট কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে, সেই সময়তে কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে এ আই ইউ ডি এফৰ সৈতে মিত্রজোঁটৰ জৰিয়তে অসমৰ সাম্প্রদায়িক শক্তিক প্রতিহত কৰিব বুলি যি মন্তব্য কৰিছে, সেয়া চূড়ান্ত হাস্যকৰ৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র মনোজ বৰুৱাৰ৷ শুকুৰবাৰে এক বিবৃতিত মুখপাত্রজনে কয়– কেৱল বাংলাদেশী লোকক ৰক্ষণাবেক্ষণৰ বাবে জন্মগ্রহণ কৰা এ আই ইউ ডি এফ দলৰ সৈতে মিত্রতা কৰি কংগ্রেছে অসমত সাম্প্রদায়িকতাবাদৰ এক নতুন নজিৰ সৃষ্টি কৰিছে৷ কংগ্রেছ দলৰ এই তুষ্টিকৰণৰ ৰাজনীতি, সাম্প্রদায়িক দর্শন আজিৰ নহয়৷ অতীজৰে পৰা কংগ্রেছ দলে শাসনৰ নামত কেৱল এটা নির্দিষ্ট গোষ্ঠীৰ লোকক সন্তুষ্ট কৰাৰ ৰাজনীতিত ব্রতী হৈ আহিছে৷ বিজেপিয়ে কংগ্রেছ দলৰ এনে নিকৃষ্ট ৰাজনৈতিক ষড়যন্ত্রক গৰিহণা দিয়াৰ লগতে অসমৰ সামাজিক বাতাৱৰণ বিনষ্ট কৰিব পৰা কার্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে