ক’ভিড–১৯ৰ নেতিবাচক প্রভাৱঃ সোণৰ আন্তর্জাতিক চাহিদা হ্রাস
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ বিশ্বজুৰি সোণৰ চাহিদা হ্রাস পাইছে৷ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিৰ বাবে আন্তর্জাতিক পর্যায়ত সোণৰ চাহিদা বিগত ১১ বছৰৰ তুলনাত সর্বাধিক নিম্নগামী হৈছে৷ বিশ্ব সোণ পৰিষদে (ডব্লিউ জি চি) বিবৃতিযোগে প্রকাশ কৰা মতে, আন্তর্জাতিক পর্যায়ত গ্রাহকৰ মাজত সোণৰ চাহিদা হ্রাস পাইছে৷ ২০২০ চনৰ অক্টোবৰ–ডিচেম্বৰ ত্রৈমাসিকত সোণৰ চাহিদা অতি নিম্নগামী হোৱাত বছৰটোত সোণৰ ব্যৱসায় হৈছে মাত্র ৩,৭৫৯.৬ টনৰ৷
উল্লেখ্য যে ২০১৯ চনত সোণৰ চাহিদা বৃদ্ধি হৈ মুঠ সোণৰ লেনদেন হৈছিল ৪,৩৮৬.৪ টন৷ ডব্লিউ জি চিৰ তথ্য মতে, ২০০৯ চনত সোণৰ চাহিদা আছিল ৩,৩৮৫.৮ টন৷ অর্থাৎ ১১ বছৰৰ তুলনাত সোণৰ চাহিদা বিশ্বজুৰি ৪ সহস্রাধিক টনতকৈ অধিক হ্রাস পাইছে৷ চলিত বর্ষত সোণৰ চাহিদা ২৮ শতাংশ হ্রাস হৈ ২০১৯ চনৰ তুলনাত চতুর্থ ত্রৈমাসিক অর্থাৎ অক্টোবৰ–ডিচেম্বৰ মাহত হোৱা ১,০৮২.৯ টনৰ বিপৰীতে ২০২০ চনৰ চতুর্থ ত্রৈমাসিকত মাত্র ৭৮৩.৪ টনহে হৈছে৷ আনপিনে, ২০১৯ চনৰ তুলনাত ২০২০ চনত আন্তর্জাতিক পর্যায়ত সোণৰ অলংকাৰৰ চাহিদাও ৩৪ শতাংশ অর্থাৎ ১৪,১১৬ টন হ্রাস পাইছে৷
তাৎপর্যপূর্ণ যে ২০২০ বর্ষৰ অক্টোবৰ–ডিচেম্বৰ মাহত সোণৰ অলংকাৰৰ চাহিদা ১৩ শতাংশ অর্থাৎ ৫১৫.৯ টন হ্রাস পাইছে৷ মন কৰিবলগীয়া যে সোণৰ চাহিদা হ্রাস পালেও বিনিয়োগৰ ক্ষেত্রত এই সোণৰ চাহিদা ৪০ শতাংশ বৃদ্ধি পাইছে৷ বিগত ২০১৯ বর্ষৰ ১,২৬৯.২ টন সোণৰ বিপৰীতে বিনিয়োগ ক্ষেত্রত ২০২০ চনত ১,৭৭৩.২ টনলৈ বৃদ্ধি পাইছে৷
আনপিনে, এক্সচেঞ্জ ট্রেডেড ফাণ্ডছ (গ’ল্ড ই টি এফ)ত ১২০ শতাংশ বৃদ্ধি পাইছে ২০২০ চনত৷ ২০১৯ চনৰ ৩৯৮.৩ টনৰ বিপৰীতে ২০২০ চনত ই টি এফত বৃদ্ধি হৈছে ৮৭৭.১ টনলৈ৷ ডব্লিউ জি চিৰ প্রতিবেদন মতে, ২০২১ চনত সোণৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ কিয়নো ইতিমধ্যে মহামাৰী ক’ভিড–১৯ৰ গণ টিকাকৰণ বিশ্বৰ দেশে দেশে আৰম্ভ হৈছে৷