চলন্ত ৰে’লৰ দবাত কন্যা সন্তান প্রসৱ প্রসূতিৰ
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ চলন্ত ৰে’লৰ ভিতৰতে কালি এগৰাকী মহিলাই এটা সন্তান প্রসৱ কৰে৷ ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ০৫৬১৬ নম্বৰৰ ৰে’লখন গুৱাহাটী ষ্টেচনৰ ৩নং প্লেটফর্মত থকাৰ সময়তে ১৬৪৪০ নম্বৰৰ ক’চত এগৰাকী মহিলাৰ প্রসৱ যন্ত্রণা আৰম্ভ হয়৷ আৰ পি এফৰ দলে এই কথা জানিব পাৰি লেডী কনিষ্টবল অনুপমা দাস আৰু কল্পনা মাহাতোৱে ৰে’ল বিভাগৰ চিকিৎসকক অৱগত কৰায়৷ মহিলাগৰাকীয়ে ৰে’লৰ দবাৰ ভিতৰতে নিশা ৯ বজাত এটা কন্যা সন্তান জন্ম দিয়ে৷
ৰে’ল বিভাগৰ চিকিৎসকে মাতৃ আৰু কন্যা সন্তানটোৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সুস্থ বুলি ঘোষণা কৰে আৰু উজনিমুৱা ০৫৬১৫ নম্বৰৰ ৰে’লখনেৰে নিশা ১১.৫৫ বজাত মহিলাগৰাকীক হোজাইৰ বাসগৃহলৈ পঠিয়ায়৷ মহিলাগৰাকী হোজাই জিলাৰ যমুনামুখ মিলনপুৰৰ আফতাচ হুছেইনৰ পত্নী হাছিনা বেগম বুলি ৰে’ল বিভাগে জানিবলৈ দিছে৷