নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্ট শৃংখলাত টীম ইণ্ডিয়া ফেভাৰিটঃ ইয়ানে চেপেল

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ইংলেণ্ডৰ বিৰুদ্ধে সমাগত টেষ্ট শৃংখলাত ফেভাৰিট হিচাপে খেলপথাৰত নামিব টীম ইণ্ডিয়া৷ বেটিঙৰ লগতে বলিঙত যথেষ্ট শক্তিশালী ঘৰুৱা দলটোক প্রতিৰোধ কৰাটো ইংলেণ্ডৰ বাবে সহজ নহ’ব৷ অহা ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত টেষ্ট শৃংখলাক লৈ এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক ইয়ানে চেপেলে৷ ই এছ পি এন ক্রিকইনফ’ৰ নিয়মীয়া স্তম্ভ লেখাত তেওঁ কৈছে যে বিৰাট কোহলি, ৰোহিত শর্মা, চেটেশ্বৰ পূজাৰা, আজিংক্য ৰাহানেৰ দৰে অভিজ্ঞ তাৰকা আৰু শুভমন গিল, হার্দিক পাণ্ডিয়া, ঋষভ পণ্টৰ দৰে প্রতিভাৱান খেলুৱৈৰে গঠিত ভাৰতীয় বেটিং বিভাগ অত্যন্ত শক্তিশালী৷ একেদৰে বলিঙত দলটোৰ শক্তি বৃদ্ধি কৰিব ঈশান্ত শর্মাৰ আগমনে৷

ইতিমধ্যে অষ্ট্রেলিয়াত ঐতিহাসিক সাফল্য লাভ কৰি আত্মবিশ্বাসী হৈ থকা টীম ইণ্ডিয়াৰ স্পিন আক্রমণেও ইংলেণ্ডক বিপদত পেলোৱাৰ সম্ভাৱনা আছে৷ বিশেষকৈ ৰবিচন্দ্রন অশ্বিনৰ পৰা আলহী দলটোৱে তীব্র প্রত্যাহ্বান লাভ কৰাটো নিশ্চিত৷

মন কৰিবলগীয়া যে অষ্ট্রেলিয়াত অবিশ্বাস্য প্রদর্শনেৰে শৃংখলা জয় কৰা দলটোত কেইবাগৰাকীও তাৰকা অনুপস্থিত আছিল যদিও এইবাৰ অধিনায়ক কোহলি, তাৰকা বেগী বলাৰ ঈশান্ত শর্মা, অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়া দললৈ উভতি অহাত টীম ইণ্ডিয়াৰ শক্তি বৃদ্ধি হৈছে৷ ‘কোহলি, পাণ্ডিয়া আৰু ঈশান্তৰ আগমনে টীম ইণ্ডিয়াক অধিক ভাৰসাম্য কৰি তুলিছে৷ অভিজ্ঞ আৰু তৰুণ খেলুৱৈৰে দলটো একপ্রকাৰ অপ্রতিৰোধ্য হৈ উঠিছে৷ প্রতিটো দিশতে ভাৰতে দিনকদিনে উন্নতি কৰিবলৈ সক্ষম হৈছে৷ এনে এটি শক্তিশালী দলৰ ইংলেণ্ডে কিদৰে মোকাবিলা কৰে সেয়া লক্ষণীয় হ’ব৷ মোৰ মতে ইংলেণ্ডৰ বাবে এইবাৰ জয় সহজ নহ’ব৷’ ইয়ান চেপেলে এইদৰে কয়৷

You might also like