নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন পেন্সন নীতি বাতিলৰ দাবীত ২০ সহস্রাধিক কর্মচাৰীৰ বিক্ষোভ

পুৰণি পেন্সন নীতি বাহালৰ দাবীৰে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ

নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ নতুন পেন্সন নীতি (এন পি এছ) বাতিল কৰি পুৰণি পেন্সন নীতি পুনৰ বাহাল ৰখাৰ দাবীৰে দেওবাৰে ২০ সহস্রাধিক কর্মচাৰীয়ে বিক্ষোভ প্রদর্শন কৰে৷ গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টি সংঘৰ বাকৰিত ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা সমৱেত হোৱা এই কর্মচাৰীসকলে শীঘ্রে তেওঁলোকৰ দাবী অনুসৰি নতুন পেন্সন নীতি বাতিল নকৰিলে ধাৰাবাহিকভাৱে গণতান্ত্রিক আন্দোলনৰ কার্যসূচী গ্রহণ কৰিব বুলি হুংকাৰ দিয়ে৷ সদৌ অসম চৰকাৰী এন পি এছ কর্মচাৰী সন্থাৰ আহ্বানত অনুষ্ঠিত গণ অভিৱর্তন কার্যসূচীত অংশগ্রহণ কৰি সমাজৰ বিভিন্ন শ্রেণীৰ বিশিষ্ট ব্যক্তিসকলে কয় যে নতুন পেন্সন নীতি ব্যৱস্থাই অসমৰ চৰকাৰী কর্মচাৰী সমাজৰ মাজত নেতিবাচক প্রভাৱ পেলোৱাৰ লগতে আর্থ–সামাজিক ব্যৱস্থাটোক ক্ষতিগ্রস্ত কৰিব৷ সেয়েহে এই ব্যৱস্থাৰ অন্ত পেলাই শিক্ষক, বিষয়া, কর্মচাৰীসকলৰ অৱসৰী জীৱনক সুৰক্ষা দিয়াৰ লগতে ন–পুৰণি সকলো কর্মচাৰীক পুৰণি পেন্সনৰ আওতালৈ আনিবলৈ কেন্দ্রীয় চৰকাৰৰ লগতে অসম চৰকাৰক তেওঁলোকে আহ্বান জনায়৷

বিশিষ্ট ব্যক্তিসকলে পুৰণি পেন্সন নীতি পুনৰ বাহাল ৰখাৰ দাবীৰে এই গণ অভিৱর্তনৰ পৰাই এক যুক্তিবাদী সংগ্রামৰ আৰম্ভ কৰিবলৈ আহ্বান জনায়৷ লগতে পুৰণি পেন্সন নীতি পুনৰ কার্যকৰী কৰি কর্মচাৰী সমাজৰ হিতৈষী বুলি প্রমাণ কৰিবলৈ ৰাজ্য চৰকাৰক তেওঁলোকে আহ্বান জনায়৷ ইফালে আজিৰ সভাতে এন পি এছ কর্মচাৰী সন্থাই সকলো ৰাজনৈতিক দলক পুৰণি পেন্সন নীতি বাহাল ৰখাৰ ক্ষেত্রত নিজৰ স্থিতি নির্বাচনী ইস্তাহাৰত সন্নিৱিষ্ট কৰিবলৈ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে নতুন পেন্সন নীতি বাতিল কৰাৰ দাবীৰে ইতিমধ্যে সন্থাই বিগত সময়ছোৱাত কেইবাবাৰো প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ নতুন পেন্সন নীতিৰ ফলত কর্মচাৰীসকল অৱসৰৰ পাছত অনিশ্চয়তাত ভুগিব বুলি তেওঁলোকে প্রকাশ কৰি আহিছে৷ দেওবাৰে অনুষ্ঠিত কৰা কার্যসূচীত বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্রশান্ত বড়ো, অসম কলেজ শিক্ষক সন্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন মুৰব্বী অধ্যাপক ভাস্কৰজ্যোতি বৰা, বি বৰুৱা মহাবিদ্যালয়ৰ প্রাক্তন অধ্যাপক জগদীশ গোস্বামী, সদৌ অসম কর্মচাৰী পৰিষদৰ সম্পাদকপ্রধান মৃণাল দাস, অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক হিমাংশু মৰলকে ধৰি বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে৷

You might also like