নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনত দৈনিক ৩০ হাজাৰ দর্শক

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ সমাগত অষ্ট্রেলিয়ান অ’পেনত দৈনিক ৩০ হাজাৰ দর্শকৰ প্রৱেশত অনুমতি দিছে অষ্ট্রেলিয়াৰ ভিক্টোৰিয়া চৰকাৰে৷ ৰাজ্যখনৰ ক্রীড়ামন্ত্রী মার্টিন পাকুলাই আজি কয় যে অহা ৮ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া অষ্ট্রেলিয়ান অ’পেনত দৈনিক ৩০ হাজাৰকৈ দর্শকে মেলব’ন পার্কত প্রৱেশৰ অনুমতি লাভ কৰিব৷ ভিক্টোৰিয়াত মহামাৰী ক’ভিড–১৯ৰ প্রাদুর্ভাৱ এতিয়ালৈকে সম্পূর্ণৰূপে নির্মূল নোহোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে বছৰৰ প্রথমটো গ্রেণ্ডশ্লাম ইভেণ্টত কিছু সীমাবদ্ধতা আৰোপ কৰিছে৷ সেই অনুসৰি দৈনিক ৩০ হাজাৰ অর্থাৎ ষ্টেডিয়ামৰ মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ দর্শকক প্রৱেশৰ অনুমতি দিয়া হৈছে৷

You might also like