নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা বিবাদক লৈ ভাৰত–চীনৰ আলোচনা

নিউজডেস্ক, ২২ ডিচেম্বৰঃ চীন আৰু ভাৰতৰ দশকজোৰা সীমা বিবাদক লৈ শনিবাৰে আলোচনাত মিলিত হয় দুয়োখন চুবুৰীয়া ৰাষ্ট্র৷

ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বৈদেশিক মন্ত্রী ৱাং য়ীয়ে নতুন দিল্লীত এই বিষয়ত কেইবাটাও গুৰুত্বপূর্ণ দিশ আলোচনা কৰে৷

উল্লেখ্য যে  এই আলোচনাৰ বাবে শুকুৰবাৰে নিশা দিল্লীত উপস্থিত হয় চীনৰ বৈদেশিক মন্ত্রী ৱাং য়ী৷

চৰকাৰী সূত্রই সদৰী কৰিছে যে বহু দশক পুৰণি ভাৰত–চীন সীমান্ত বিবাদ নিষ্পত্তি কৰি অঞ্চলটোত শান্তি আৰু সম্প্রীতি সুনিশ্চিত কৰিবলৈ দুয়োপক্ষই বিভিন্ন দিশত বিস্তৃতভাৱে আলোচনা কৰে৷

ইয়াৰ পূর্বে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে যোৱা অক্টোবৰত চেন্নাইত অনানুষ্ঠানিক দ্বিপাক্ষিক সন্মিলনত অংশ লৈছিল৷ এই সন্মিলনতো ভাৰত–চীনৰ সীমা বিবাদ দূৰ কৰাৰ উদ্দেশ্যে বিস্তৃত আলোচনা হৈছিল৷

উল্লেখ্য যে চীনে উত্তৰ–পূবৰ অৰুণাচল প্রদেশক তেওঁলোকৰ অংশ বুলি দাবী কৰি আহিছে৷

You might also like