আইপিএছ পাৰ্থ পি দাস নেতৃত্বত লক্ষীপুৰত হেৰ’ইন সৰবৰাহকাৰী দুগৰাকী মহিলাক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা , ১ ফেব্ৰুৱাৰীঃ কাছাৰ জিলাৰ মণিপুৰ সীমান্তৰ লক্ষীপুৰ চাব ডিভিজনৰ এচ ডি পি অ’ পাৰ্থপ্ৰতিম দাস ( আই পি এছ) ৰ সক্ৰিয় নেতৃত্বত জিৰিঘাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত হাতে-লোটে গ্ৰেপ্তাৰ কৰে নিচাসক্ত দ্ৰব্য হেৰ’ইন সৰবৰাহ কৰা দুগৰাকী অভিযুক্ত মহিলাক । জিৰিঘাট আৰক্ষী থানাৰ এলেকাধীন লক্ষীপুৰ–জিৰিঘাট পথৰ লালপানীৰ পৰা আটকাধীন অভিযুক্ত মহিলাদ্বয় হৈছে হয়নু গেংটে (৩৫) আৰু জৌনো গেংটে (৫০) । প্ৰাপ্ত খৱৰ অনুসৰি যোৱা ৩০ জানুৱাৰী সন্ধিয়া ৫.৩০ বজাত এখন অট’ৰিক্সাত অহা সন্দেহজনক উক্ত মহিলাদ্বয়ে কঢ়িয়াই অনা বয়-বস্তুৰ ওপৰত তালাচী চলাই উক্ত নিচাসক্ত দ্ৰব্যখিনি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । অভিযুক্ত দুগৰাকীয়ে ৮ টা চাবোনৰ কেচত ১০৩ গ্ৰাম নিচাসক্ত হেৰ’ইন পাউদাৰ গোপনে সৰবৰাহ কৰিছিল । উল্লেখযোগ্য যে বিগত কালচোৱাত উক্ত স্পৰ্শকাতৰ অঞ্চলটোত নানা অসামাজিক কৰ্মকাণ্ডৰে বিশৃংখলতা সৃষ্টি কৰি অহা দুষ্টচক্ৰক নাকী লগোৱাৰ উদ্দেশ্যে আই পি এছ পাৰ্থপ্ৰতিম দাসৰ নেতৃত্বত আৰক্ষীয়ে সঘনে গোপন তালাচী অভিযান চলাই কেতবোৰ বহু বিস্ফোৰক তথ্য উদঙাই অহাৰ লগতে হাতে লোটে গ্ৰেপ্তাৰ কৰিছে বহু অপৰাধীক । ইতিমধ্যে উক্ত ঘটনাৰ সংক্ৰান্তত জিৰিঘাট আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ২১ (বি) /২৯ এন ডি পি এছ এক্টৰ অধীনত ০২/ ২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি আটকাধীন মহিলাদ্বয়ক জেল হাজোতলৈ প্ৰেৰণ কৰে ।