চেনিমাৰী প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিব লাগে ৫ টাকৈ শ্ৰেণীত
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ বৰদলনি প্ৰাথমিক শিক্ষাখণ্ডৰ সোণাৰি চাপৰি মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত চেনিমাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ কথা সদৰী কৰি অনতিপলমে বিদ্যালয়খনত অতিৰিক্ত শিক্ষক নিযুক্তিৰ দাবী জনাইছে বিদ্যালয় পৰিচালনা তথা উন্নয়ন সমাতিৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে ৷
জানিব পৰা মতে, ১৯৬২ চনতে গাঁওখনৰ একাংশ শিক্ষানুৰাগী সমাজ সংগঠকৰ সৎ প্ৰচেষ্টাত স্থাপন কৰা বিদ্যালয়খনত ২০১৬ চনৰে পৰাই প্ৰয়োজনীয় শিক্ষকৰ অভাৱত মাত্ৰ এজন শিক্ষকে পাঠদান কৰিব লগা হোৱাত তীব্ৰ সমস্যাই দেখা দিছে।
গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, ২০১৬ চনতেই শিক্ষক শূন্য হোৱা বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত এজন শিক্ষক নিযুক্তি দি গা এৰা দিছে বিভাগীয় কৰ্তৃপক্ষই। ফলত ছাত্ৰ-ছাত্ৰীসকল গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আহিছে ৷
স্থানীয় ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতিয়ে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নিযুক্তিৰ দাবী জনাইছে।