নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ থকা ৫৫ হাজাৰ পদত যোৱা বছৰৰ এপ্রিল মাহৰ ভিতৰতেই নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বাৰম্বাৰ নির্দেশ দিয়ে৷ কিন্তু ৰাজ্য চৰকাৰৰ একাংশ বিভাগে সেই খালী পদসমূহ পূৰণ কৰাত চৰম ব্যর্থতা প্রদর্শন কৰে৷ শেহতীয়াকৈ একাংশ বিভাগে খালী হৈ থকা বিভিন্ন পদসমূহ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ এইক্ষেত্রত ভূমি সংৰক্ষণ, ৰেচম, কৃষি বিভাগৰ লগতে বৰপেটা জিলাত মণ্ডল আৰু বঙাইগাঁও জিলাত বিদেশী ট্রিবুনেলত খালী হৈ থকা পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ কৰা দেখা গৈছে৷ যিসময়ত চলিত ফেব্রুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ পিছতেই যিকোনো মুহূর্ততে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে, তেনে অৱস্থাত এতিয়া চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰি কেতিয়াকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি নিযুক্তি দিব, তাক লৈ ৰাইজৰ মাজত ব্যাপক চর্চা চলিছে৷ মূলতঃ আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি লাখ লাখ নিবনুৱাক টোপ দিয়াৰ বাবেই এতিয়া চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰিছে বুলি বিভিন্নজনে সন্দেহ কৰে৷
উল্লেখ্য যে ৰেচম বিভাগে চতুর্থবর্গৰ ১৮০টা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ বিজ্ঞাপন অনুসৰি প্রার্থীসকলে ৫ ফেব্রুৱাৰীৰ নিশা ১১ বজা পর্যন্ত আবেদন কৰিব পাৰিব৷ সেইদৰে ভূমি সংৰক্ষণ বিভাগে ১৪৩টা তৃতীয় আৰু চতুর্থবর্গৰ পদৰ বাবে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি প্রার্থীসকলে অহা ১২ ফেব্রুৱাৰী পর্যন্ত আবেদন কৰিব পাৰিব৷ একেদৰে অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি উন্নয়ন বিষয়া, সহকাৰী কৃষি অভিযন্তা, কনিষ্ঠ অভিযন্তা (কৃষি) পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ কৃষি বিভাগৰ এই বিজ্ঞাপন অনুসৰি প্রার্থীসকলে অনলাইনযোগে খালী পদৰ বিষয়ে অৱগত হ’ব আৰু অনলাইনযোগে ১৫ ফেব্রুৱাৰীৰ মাজ নিশালৈ আবেদন কৰিব পাৰিব৷ অনুৰূপভাৱে বৰপেটা জিলাৰ উপায়ুক্তই জিলাখনত খালী হৈ থকা ২৫টা মণ্ডল পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ অহা ৮ ফেব্রুৱাৰীলৈকে প্রার্থীসকলে আবেদন কৰিব পাৰিব৷ বঙাইগাঁও জিলাত বিদেশী ট্রিবুনেলত খালী হৈ থকা এটা নিম্নবর্গৰ সহায়ক আৰু এটা অফিচ পিয়নৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ এই বিজ্ঞাপন অনুসৰি প্রার্থীসকলে ১৮ ফেব্রুৱাৰীৰ পূর্বে আবেদন কৰিব লাগিব৷ মন কৰিবলগীয়া এয়ে যে দেশৰ নির্বাচন আয়োগে যিকোনো মুহূর্ততে বিধানসভা নির্বাচনৰ দিন–বাৰ ঘোষণা কৰি নির্বাচনী অধিসূচনা জাৰি কৰিব৷
এনে সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি অহা ১১ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আয়োজন কৰা হৈছে৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া বিধানসভাৰ এই চমু অধিৱেশনৰ প্রথম দিনটোতে বিত্তমন্ত্রীয়ে অহা বিত্তীয় বর্ষৰ প্রথম তিনি মাহৰ বাবে লেখানুদান দাখিল কৰিব৷ যিসময়ত স্বয়ং চৰকাৰে যিকোনো মুহূর্ততে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি বিভিন্ন আঁচনি, প্রকল্প ৰূপায়ণৰ কাম তৎপৰতাৰে আৰম্ভ কৰিছে, সেই সময়ত নিবনুৱাক সংস্থাপন দিয়াৰ দৰে নিযুক্তিৰ দীঘলীয়া প্রক্রিয়া এটা এতিয়াহে আৰম্ভ কৰিবলৈ লৈছে, তাতেই নতুন নিযুক্তিৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহৰ সদিচ্ছা কিমান তাৰ প্রতি সন্দেহ উপজিছে৷ কাৰণ চাকৰিৰ বিজ্ঞাপন এটা প্রকাশৰ পিছত আবেদনকাৰীৰ তথ্যপাতি পৰীক্ষা কৰি বৈধ আবেদনকাৰী নির্বাচন কৰা, পৰৱর্তী পর্যায়ত সাক্ষাৎকাৰ অনুষ্ঠিত কৰা এক দীঘলীয়া সময়ৰ প্রয়োজন হয়৷ এনে অৱস্থাত নির্বাচনৰ প্রাক্মুহূর্তত প্রকাশ কৰা এই বিজ্ঞাপন যে প্রকৃততে নিবনুৱা যুৱক–যুৱতীসকলক্ চাকৰিৰ মোহত আবদ্ধ কৰি ৰখাৰ বাহিৰে কোনো ফলপ্রসূ পদক্ষেপ নহয়, সেয়া সহজেই অনুমেয়৷