গোৱালপাৰাৰ মাটিয়াত পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী
গোৱালপাৰাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত গাৰোমাৰীত আজি পুৱাৰ ভাগতে সংঘটিত হয় এক ভয়ানক পথ দুৰ্ঘটনা। থিতাতে নিহত হয় ভেৰভেৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন বাইক আৰোহী।
পুৱাতেই কনিষ্ঠ ভাতৃ হাফিজুৰ ৰহমানৰ সৈতে বাইকেৰে ৰংজুলিলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ ৰফিকুল ইছলাম গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পাছলৈ মৃত্যু ঘটে। হাফিজুৰ ৰহমানো সম্প্ৰতি চিকিৎসাধীন বুলি জানিব পৰা গৈছে।
গাৰোমাৰী-শিমলীতোলা পথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুই সহোদৰে এএছ-১৮/কিউ-৩৮১৯ নম্বৰৰ এখন পালচাৰ বাইকেৰে ৰংজুলিলৈ গৈ আছিল হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বাইকখন পথৰ পৰা পিছলি দ’ খাৱৈত বাগৰি পৰে আৰু থিতাতে নিহত হয় বাইক আৰোহী ৰফিকুল ইছলাম।
ঘটনাস্থলীত মাটিয়া আৰক্ষী উপস্থিত হৈ ৰফিকুলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হাফিজুৰ ৰহমানকো চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৯ জুন