নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ক্লক টাৱাৰ উদ্বোধন মন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ বুধবাৰে নগাঁও কলেজ চ’কত আকর্ষণীয় ক্লক টাৱাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ চহৰ আন্তঃগাঁথনি উন্নয়ন পুঁজি (চি আই ডি এফ)ৰ ২৬ লাখ ২৮ হাজাৰ সাতশ টকা ব্যয়সাপেক্ষে নির্মাণ কৰা ক্লক টাৱাৰটোৰ উচ্চতা ৩০ ফুট৷ অতি আকর্ষণীয় ৰূপত এই ক্লক টাৱাৰটো নির্মাণ কৰিছে ভাস্কর্য শিল্পী হৰজিত সিঙে৷ চাৰিটা প্রকাণ্ড খুঁটাৰ ওপৰত স্থাপন কৰা এই ক্লক টাৱাৰৰ শৰীৰত আছে মন্দিৰৰ গম্বুজ আৰু নামঘৰৰ মণিকূটৰ আর্হি৷ ক্লক টাৱাৰত লিখা আছে ‘আমাৰ নগাঁও আমাৰ গৌৰৱ’ শীর্ষক এটা শ্লোগান৷ নানাৰঙী পোহৰৰ বিচ্ছুৰিত আভাই নিশাৰ ভাগত এই ক্লক টাৱাৰৰ আকর্ষণ দুগুণে বৃদ্ধি কৰিছে৷ লগতে মন্ত্রীগৰাকীয়ে নগাঁও বেংগলী সন্মিলনীত এক মত বিনিময় অনুষ্ঠানত অংশগ্রহণ কৰে৷

আনহাতে, তেওঁ  নগাঁৱত চাইকেল ৰেলী উলিওৱাৰ সন্দর্ভত প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ এক তির্যক মন্তব্য সন্দর্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি স্বাস্থ্য বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত কয়, ‘ৰিপুণ বৰাই কেইদিনমানৰ আগতে কিয় চাইকেল চলাইছিল, আগতে সেইটো কথা ৰকিবুল হুছেইনক সুধি অহা ভাল৷’ পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বাবেই হিমন্ত বিশ্ব শর্মাই চাইকেল চলোৱা বুলি ৰকিবুল হুছেইনে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰি ড০ শর্মাই কয়, ‘ক’ভিডৰ সময়ত যি পেট্ৰ’ল–ডিজেলৰ দাম বঢ়োৱা হৈছিল, এইবাৰৰ বাজেটত সেইবোৰ উঠাই লোৱা হ’ব৷ গতিকে মানুহে সকাহ পাব৷’ আছুৰ পৰা আহি হিমন্ত বিশ্ব শর্মাই ক’লা অধ্যায় আৰম্ভ কৰা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৰা মন্তব্যৰ প্রতিক্রিয়া জানিব বিচৰাত তেওঁ কয়, ‘লুৰিণজ্যোতি গগৈক শুভেচ্ছা দিছেছা তেওঁ বগা অধ্যায় আৰম্ভ কৰক৷ তেওঁ যিমান বগা অধ্যায় আৰম্ভ কৰে আমি সিমানেই ভাল পাম৷’ লুৰিণজ্যোতি গগৈয়ে জালুকবাৰী সমষ্টিত সভা অনুষ্ঠিত কৰাৰ সন্দর্ভত তেওঁ কয়, ‘মোৰ সমষ্টিলৈ গ’লে ৰাজনীতি কৰাৰ প্রেৰণা পাব৷ কিয়নো জালুকবাৰী এনে এটা সমষ্টি, য’ত এইমচ, আই আই টি, ইঞ্জিনীয়াৰিং কলেজ, কেঞ্চাৰ হাস্পতাল আছে, ব্রহ্মপুত্রৰ ওপৰত দুখনকৈ দলং আছে, ভাৰতৰ ভিতৰত ডাঙৰ ডিচি ক’ট আছে৷ তাত কি হোৱা নাই৷ গতিকে নতুন ৰাজনীতি কৰা লোকসকলে জালুকবাৰী লৈ যাব লাগে, সমষ্টিটোৰ যি বিকাশ হৈছে তাৰ পৰা প্রেৰণা ল’ব লাগে৷’

You might also like