ঘৰুৱা টেষ্ট শৃংখলাত মনোনিৱেশ ভাৰতৰঃ ৰাহানে
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে ৫ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া চাৰিখনীয়া টেষ্ট শৃংখলাটোত অধিক মনোনিৱেশ কৰিছে ভাৰতীয় দলটোৱে৷ এই মন্তব্য কৰিছে টীম ইণ্ডিয়াৰ সহঃধিনায়ক আজিংক্য ৰাহানেই৷ সংবাদ প্রতিষ্ঠানৰে আজি হোৱা এক ভার্চুৱেল বৈঠকত ভাৰতীয় দলটোৰ সহঃধিনায়কগৰাকী কয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশক লৈ ভাৰতীয় দলটোৱে কোনোধৰণৰ চিন্তা–চর্চা কৰা নাই৷ বর্তমান ঘৰুৱা টেষ্ট শৃংখলাটোত ভাৰতীয় দলটোৱে অধিক মনোনিৱেশ কৰিছে৷ আলহী দলটোৰ বিপক্ষে উন্নত প্রদর্শন দাঙি ধৰাটোৱেই আমাৰ প্রধান লক্ষ্য৷ আসন্ন টেষ্ট শৃংখলাটোৰ বাবে সম্প্রতি চেন্নাইত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰা ৰাহানেই লগতে কয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলক লৈ এতিয়াও তিনি মাহ বাকী আছে৷ বর্তমান আমাৰ প্রধান লক্ষ্য হ’ল ইংলেণ্ডৰে খেলিবলগীয়া টেষ্ট শৃংখলাটো৷ উল্লেখ্য যে দুয়ো দেশৰ মাজৰ চাৰিখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্ট ৫ ফেব্রুৱাৰীৰ পৰা চেন্নাইত অনুষ্ঠিত হ’ব৷