নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত বর্ষত ঘৰুৱা উৎপাদন ১০.৫ শতাংশলৈ বৃদ্ধিৰ সম্ভাৱনা

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিত্তীয় বর্ষ ২০২১–২২ৰ কেন্দ্রীয় সাধাৰণ বাজেট দাখিল কৰাৰ পিছত প্রথমখন আৰ বি আইৰ মুদ্রা নীতি কমিটীৰ বৈঠকত ৰেপ’ৰেট অপৰিৱর্তিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ দেশৰ সাম্প্রতিক অর্থনীতিৰ প্রতি লক্ষ্য ৰাখি ৬জনীয়া মুদ্রা নীতি কমিটীয়ে ৰেপ’ৰেট ৪ শতাংশতে সীমাবদ্ধ ৰাখে অর্থাৎ ৰেপ’ৰেট অপৰিৱর্তিত ৰখাৰ সিদ্ধান্ত লয়৷ তদুপৰি আৰ বি আয়ে চলিত বিত্তীয় বর্ষত দেশৰ জি ডি পি ১০.৫ শতাংশত সীমাবদ্ধ হৈ থাকিব বুলি সম্ভাৱনা ব্যক্ত কৰে৷ আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে প্রকাশ কৰা মতে, দেশৰ বিকাশৰ হাৰ ইতিবাচক দিশে আগবাঢ়িছে আৰু শক্তিশালী ৰূপত উজ্জীৱিত হ’ব৷

আৰ বি আয়ে ৰেপ’ৰেট অপৰিৱর্তিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছতেই ছেনছেক্সত উত্থান ঘটে৷ যোৱা ১ ফেব্রুৱাৰীত সাধাৰণ বাজেট দাখিল কৰাৰ পিছত বি এছ ই ছেনছেক্স আৰু নিফ্টিত উত্থানৰ ধাৰা অব্যাহত আছে৷ আজি বি এছ ই ছেনছেক্স ১১৭ পইণ্ট ঊর্ধ্বগামী হৈ প্রথমবাৰৰ বাবে ৫১ হাজাৰ অতিক্রম কৰে৷ বজাৰ সামৰণি পৰাৰ সময়ত ১১৭.৩৪ পইণ্ট অথবা ০.২৩ শতাংশ ঊর্ধ্বগামী হৈ ছেনছেক্সে অভিলেখ সৃষ্টি কৰি ৫১ হাজাৰ অতিক্রম কৰে৷ তেনেদৰে এন এছ ই নিফ্টিও প্রথমবাৰৰ বাবে ১৫ হাজাৰ অতিক্রম কৰে যদিও সর্বকালৰ শিখৰত ১৪,৯২৪.২৫ত বজাৰ সামৰণি পৰে৷ দিনটোত নিফ্টি ২৮.৬০ পইণ্ট তথা ০.৯ শতাংশ ঊর্ধ্বগামী হৈ সর্বকালৰ শিখৰত বজাৰ সামৰণি পৰে৷ ছেনছেক্সৰ সর্বাধিক ১০ শতাংশতকৈ অধিক লাভান্বিত হয় এছ বি আই৷ ইয়াৰ পিছতে ক’টাক বেংক, আল্ট্রা টেক চিমেণ্ট, আই টি চি, এইচ ডি এফ চি বেংক, ডাঃ ৰেডিজ আদি লাভান্বিত হয়৷

You might also like