নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীৰ গর্ভতেই মহাপুৰুষৰ জন্ম হৈছেঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ   সোমবাৰে শিৱসাগৰ যুৱ দলত জিলা সাহিত্য সভাৰ উদ্যোগত ৰামধেনু যুগৰ কবি বেণু চিৰিঙৰ ১২সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হয়৷ শিৱসাগৰ যুৱ দল প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা এই স্মৃতি দিৱসত সোণাৰিৰ অৱসৰপ্রাপ্ত অধ্যাপিকা নিবেদিতা ফুকনে নির্দিষ্ট বক্তাৰ ভাষণ দিয়ে৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি প্রকাশ কৰি উলিওৱা দেৱযানী বৰুৱাৰ উপন্যাস গ্রন্থ ‘নীলা হূদয়ত এমুঠি জোনাক’ উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱী আৰু বিশেষভাৱে সক্ষম ছাত্রী ৱাহিনা জিন্নট হকে৷

ভাষণ প্রসংগত অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে কয়, ‘নাৰীৰ গর্ভত নৰ জন্ম হৈছে, মানৱ সম্পদ জন্ম হৈছে৷ নাৰীয়ে নৰোত্তম সৃষ্টি কৰিছে৷ এই পৃথিৱীত যিমান মহাপুৰুষৰ জন্ম হৈছে, সেই সকলো নাৰীৰ গর্ভতেই জন্ম হৈছে, সেইবাবে নাৰীক সন্মান কৰা উচিত৷’ বুলি গুৰুত্বপূর্ণ মন্তব্য কৰে৷ শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আৰম্ভণিতে বেণু চিৰিঙৰ প্রতিচ্ছবিৰ সন্মুখত বন্তি প্রজ্বলন কৰা হয়৷

You might also like