জেহাদ গৌৰীপুৰৰ কংগ্রেছীয়ে বিধানসভা নির্বাচনত থিয় কৰাব নিজা প্রার্থী
ইউডিএফৰে মিত্রতাক লৈ কংগ্রেছত আনুষ্ঠানিক বিভাজন আৰম্ভ
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত ৰাজ্যৰ কংগ্রেছ দলত আন এক মোক্ষম আঘাত৷ দলৰ গৰিষ্ঠসংখ্যক নেতা–কর্মী বিশেষকৈ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ নেতা, প্রাক্তন মন্ত্রী–বিধায়ক–সাংস্ তীব্র বিৰোধিতাৰ পাছতো প্রদেশ কংগ্রেছৰ নেতৃত্বৰ লগতে এ আই চি চিৰ শীর্ষ নেতৃত্বই বদৰুদ্দিন আজমলৰ দল এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ পৰিণতিত অৱশেষত কংগ্রেছত আৰম্ভ হ’ল আনুষ্ঠানিক বিভাজন৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক তথা ছিনিয়ৰ মাইনৰিটী কংগ্রেছ লীডার্ছ টীমৰ সভাপতি প্রাক্তন মন্ত্রী মহিবুল হকৰ গৃহ সমষ্টি গৌৰীপুৰৰ পৰাই আৰম্ভ হ’ল এই বিভাজন৷ ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ কংগ্রেছ নেতা–কর্মীসকলে এক ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ আনুষ্ঠানিকভাৱে বিৰোধিতা কৰি আসন্ন বিধানসভা নির্বাচনত গৌৰীপুৰ সমষ্টিত কংগ্রেছে নিজাববীয়াকৈ প্রার্থী থিয় কৰোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷ কালি গৌৰীপুৰৰ পাব্লিক লাইব্রেৰী হলত ধুবুৰী জিলা কংগ্রেছ আৰু ব্লক কংগ্রেছ সমিতিসমূহৰ নেতৃত্বৰ উপস্থিতিত প্রাক্তন মন্ত্রী মহিবুল হকৰ সভাপতিত্বত এখন ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হয়৷ সেই অভিৱর্তনত আনুষ্ঠানিকভাৱে এক প্রস্তাৱ গ্রহণ কৰি কংগ্রেছে গঠন কৰা মহাজোঁটত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক অংশীদাৰ কৰি লোৱাত অসন্তুষ্টি ব্যক্ত কৰে৷
প্রস্তাৱটোত উল্লেখ কৰে যে বিগত লোকসভা নির্বাচনৰ প্রাক্ক্ষণত অনুষ্ঠিত প্রদেশ কংগ্রেছৰ বর্ধিত কার্যনির্বাহক বৈঠকে বিজেপিৰ দৰে এ আই ইউ ডি এফ দলকো সাম্প্রদায়িক দল হিচাপে অভিহিত কৰি এ আই ইউ ডি এফৰ সৈতে মিত্রতা নকৰাৰ প্রস্তাৱ গ্রহণ কৰে৷ প্রদেশ কংগ্রেছৰ বর্ধিত কার্যনির্বাহক বৈঠকৰ সেই প্রস্তাৱ এতিয়াও বাহাল আছে৷ এনে অৱস্থাত আজমলৰ দলক মহাজোঁটৰ অংশীদাৰ কৰাটো দুর্ভাগ্যজনক বুলি অভিহিত কৰে৷ অভিৱর্তনখনত গৃহীত আন এক প্রস্তাৱযোগে গৌৰীপুৰ বিধানসভা সমষ্টিক মহাজোঁটৰ আওতাৰ বাহিৰত ৰখাৰ বাবে কংগ্রেছৰ শীর্ষ নেতৃত্বক দাবী জনায়৷ অন্যথা আসন্ন বিধানসভা নির্বাচনত গৌৰীপুৰৰ কংগ্রেছীয়ে নিজাববীয়াকৈ সমষ্টিটোত কংগ্রেছ দলৰ প্রার্থী থিয় কৰাব বুলি সিদ্ধান্ত গ্রহণ কৰে৷ সেই সিদ্ধান্ত অনুসৰি অহা ১৫ ফেব্রুৱাৰীৰ পৰা গৌৰীপুৰৰ কংগ্রেছ নেতা–কর্মীসকলে নির্বাচনী প্রচাৰ আৰম্ভ কৰিব৷ পঞ্চায়ত নেতা–কর্মী সন্মিলনৰ জৰিয়তে আৰম্ভ কৰিবলগীয়া এই প্রচাৰকার্য চাহেবগঞ্জ পঞ্চায়তৰ পৰা আৰম্ভ কৰিব৷ আজমলৰে মিত্রতাৰ বিৰোধিতা কৰি গৌৰীপুৰত আৰম্ভ হোৱা কংগ্রেছৰ এই বিভাজন অনাগত দিনত সংখ্যালঘু অধ্যুষিত আনবোৰ সমষ্টিতো আৰম্ভ হ’ব বুলি ছিনিয়ৰ মাইনৰিটী কংগ্রেছ লীডার্ছ টীমৰ সূত্রই জানিবলৈ দিয়ে৷
সূত্রটোৱে প্রকাশ কৰা অনুসৰি অহা ১০ ফেব্রুৱাৰীত ছিনিয়ৰ মাইনৰিটী কংগ্রেছ লীডার্ছ টীমৰ সভাপতি মহিবুল হক গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই তেওঁলোকৰ এখন বৈঠক অনুষ্ঠিত হ’ব৷ সেই বৈঠকৰ পাছতেই আজমলৰে মিত্রতাৰ বিৰোধী সংখ্যালঘু সম্প্রদায়ৰ নেতাসকলে কোন দিনা কোন কোন সমষ্টিত ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত কৰি পৰৱর্তী পদক্ষেপ গ্রহণ কৰিব, সেয়া চূড়ান্ত কৰিব৷ মুঠতে আজমলৰে কংগ্রেছে মিত্রতা ছেদ নকৰিলে সমষ্টিয়ে সমষ্টিয়ে কংগ্রেছে নিজাববীয়াকৈ প্রার্থী থিয় কৰাই কংগ্রেছ নেতৃত্বৰ লগতে আজমলক প্রতিহত কৰাৰ বাবে তৃণমূল পর্যায়ৰ কংগ্রেছ নেতা–কর্মীসকলে কঁকালত টঙালি বান্ধিছে৷ ইপিনে মহাজোঁটৰ আন অংশীদাৰ দল বাঁওপন্থীক আসন এৰি দিয়াৰ ক্ষেত্রতো জটিলতা সৃষ্টি হৈছে৷ মৰিগাঁৱৰ পাছত এইবাৰ ৰঙিয়া সমষ্টি কংগ্রেছে বাঁওপন্থী দলক এৰি দিয়াৰ বিৰোধিতা কৰিছে৷